মায়াবী জোনাক- লক্ষীপ্ৰিয়া বৰা

Pc- The Week

মায়াবী জোনাক

লক্ষীপ্ৰিয়া বৰা
গোলাঘাট

“তুমিয়েই মোৰ জীৱনৰ সাতোৰঙী ৰামধেনু ! নিশা।”— পৰম হেঁপাহেৰে তাইৰ সুকোমল হাত দুখন তাৰ হাত দুখনৰ মাজত সুমুৱাই চকুত চকু থৈ কৈ উঠিল অনুৰাগে ।
সমূখত নৈখনৰ ৰূপোৱালী পানীত মৃদু মৃদু লহৰ। দূৰণিৰ পালতৰা নাও এখনৰ পৰা ভাঁহি অহা সুহুৰিত গোৱালপৰীয়া লোকগীতৰ মন টানি ধৰা সুৰ। বনৰীয়া ফুলৰ সুবাস কঢ়িওৱা সেমেকা ফিৰফিৰিয়া বতাহছাটিয়ে নিশাৰ মুকলি চুলিখিনি কোবাই গ’ল। মুখখন সামান্য ঢাকি পৰি ৰোৱা চুলিকেইডাল অনুৰাগে বৰ আলসুৱাকৈ তাইৰ কাণখনৰ কাষতে গুজি আকৌ কৈ উঠিল——-
” মোৰ আবেগ অনুভূতিক মৰম আৰু নিৰাপত্তাৰ আঁচলেৰে মেৰিয়াই সকলো সুখৰ অনন্য কাৰণ হৈ বিয়পি আছা তুমি মোৰ সমগ্ৰতাত,,,,,,, মোৰ উশাহ হৈ জীয়াই ৰাখিছা মোক,,,, ভালপোৱাৰ ৰঙেৰে ৰঙীণ কৰিছা মোৰ হৃদয়ৰ আকাশ,,,,,আজীৱন মোক এই সুখানুভূতিৰে সুখী কৰি ৰাখিবানে, নিশা,,,?” ——— আস্ কি আকূলতা !! কেনেকৈ পাৰে সি তাই ভবা প্ৰতিটো কথাই তাইতকৈ আগত কৈ দিব ! সেই একেখিনিয়েই তাইৰো মনৰ কথা। প্ৰায়েই ধৰাশায়ী হয় নিশা অনুৰাগৰ যাদুকৰী শব্দৰ মিঠা আঘাতত । আবেগত মূক হৈ কুৰুকি কুৰুকি সোমাই পৰে তাই অনুৰাগৰ বুকুত মাজত…….. পাতলীয়া বৰষুণ এজাকৰ পিছত পূবাকাশত বিচ্ছুৰিত হোৱা সাতোৰঙী সাঁজোনটোৱে প্ৰস্থান কৰাৰ লগে লগেই পশ্চিমৰ শুকুলা মেঘৰ বোকোচাত উঠি উদ্ভাসিত হয় এক সোনোৱালী ৰেখ—- —।

: মাহী এইয়া চাহ।
ব্যস্ত চহৰখনৰ মাজমজিয়াৰ এটা সুউচ্চ অট্টালিকাৰ তৃতীয় মহলাত থকা ঘৰটোৰ শুৱনিকোঠা সংলগ্ন বেলকনিৰ আৰ্মচেয়াৰ খনতে বহি ভাৱনাত ডুৱ গৈ থকা নিশিতাই জয়াৰ মাততহে সম্বিৎ ঘূৰাই পায়।
জয়াৰ হাতৰ পৰা চাহ কাপ লৈ শোহা এটা মাৰি আকৌ এবাৰ আকাশখনলৈ চালে।
পাতলকৈ বৰষুণ এজাক পৰিছিল। জেঠমাহৰ প্ৰখৰ ৰ’দ আৰু গৰমক নিৰ্মূল কৰিব পৰা নাছিল বৰষুণ জাকে। তথাপিও কিঞ্চিৎ শাত পেলাই গ’ল। বাট-পথৰ ধূলিবোৰ অলপ হ’লেও মাৰ গ’ল। বৰষুণ জাক সামৰি শুকুলা মেঘবোৰে আকাশৰ বুকুত লুকা-ভাকু খেলি থাকোতেই তাই বেলকনি খনলৈ ওলাই গৈছিল। পূৱফালৰ আকাশখনত দূৰ পাহাৰৰ সিপাৰে জিলিকি আছিল সাতোৰঙী ৰামধেনু। তাই মোবাইলটো আনি ৰামধেনুৰ স্নেপ কেইটামান ৰাখি থ’লে। ফটোগ্ৰাফি তাইৰ পুৰণি চখ। কেৱল চখেই নহয়, ফটোগ্ৰাফি নিশাৰ জীৱনৰ অবিচ্ছেদ্য অংগ আছিল এটা সময়ত । কিমান যে সপোন আছিল তাইৰ ফটোগ্ৰাফিক লৈ। এই চখটোৰ বাবেই অনুৰাগৰ সৈতে বন্ধুত্ব হৈছিল কলেজত থাকোতেই । দুয়োটাই ভাল ফটোগ্ৰাফি কৰিছিল। কলেজৰ লাইব্ৰেৰীৰ দেৱালত এতিয়াও সিহঁতৰ অসমীয়া লোকসংস্কৃতিক প্ৰতিফলিত কৰা হেৰাই যাব খোজা ছবিবোৰ আৰু পৰিবেশ সম্বন্ধীয় ফটোগ্ৰাফিবোৰ বন্ধোৱা আছে। কলেজৰ পিকনিক, এক্সকাৰ্চন আদিবোৰত সিহঁতি কেৱল ফটোগ্ৰাফিৰ উদ্দ্যেশ্যেৰেই গৈছিল। স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়েই অনুৰাগ আৰু নিশিতা দুয়ো গুৱাহাটীত ফটোগ্ৰাফিৰ কৰ্মশালা এটাতো অংশগ্ৰহণ কৰিলে। কৰ্মশালাৰ পৰাই গুৱাহাটীৰ আশে পাশে থকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইবোৰ ফুৰিবলৈ পাইছিল সিহঁতে । দুয়ো ভাগ বতৰা কৰিছিল সৰু সৰু আবেগ অনুভূতিবোৰ। লাহে লাহে কলেজীয়া বন্ধুত্বৰ উত্তৰণ ঘটিছিল এক ব্যাকুলতাভৰা আবেগিক সম্পৰ্কলৈ। দুয়ো দুয়োৰে হৃদয়ৰ ৰাজসিংহাসনত বহুৱাবলৈ আৰম্ভ কৰিছিল ইজনে সিজনক। আৰম্ভ হৈছিল মিঠা মিঠা বিষেৰে এজনৰ আনজনৰ প্ৰতি আত্মিক টান। এয়াই হয়তো প্ৰেম, এয়াই হয়তো ভালপোৱা!

পৰীক্ষাৰ ফলাফল ওলাল । প্ৰথম বিভাগত অসমীয়া সাহিত্যৰ স্নাতক হৈছিল দুয়ো। অনুৰাগ গুচি আহিছিল গুৱহাটীলৈ । কটন মহাবিদ্যালয়ত ‘ জাৰ্ণেলিজম এণ্ড্ মাছ কমিউনিকেশ্বন’ত এডমিচন লৈছিল। নিশিতাৰ কিন্তু ফটোগ্ৰাফিক লৈহে কিবা এটা কৰাৰ মন। তাই গ্ৰামাঞ্চলত দিনে দিনে হেৰাই যাব ধৰা দৃশ্যবোৰ , নৈপাৰৰ মানুহৰ জীৱন জীবিকা আৰু সমস্যাবোৰক ফটোগ্ৰাফিৰ জৰিয়তে উপস্থাপন কৰিবলৈ বিচাৰিছিল। সেয়েহে তাই বিশ্ববিদ্যালয়লৈ যাবলৈ মন নকৰি পঢ়ি যোৱা কলেজখনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দূৰশিক্ষা বিভাগতে আসমীয়াৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত এডমিচন লৈছিল। বিশ্ববিদ্যালয়লৈ নগৈ ৰাহি হোৱা পইচাৰে তাই এটা ভাল কেমেৰা কিনি ল’লে । পঢ়া-শুনা, ফটোগ্ৰাফিৰ লগতে অনু- নিশাৰ বুকুত বাজি থাকিল প্ৰেমৰ সুৰীয়া সংগীত।

স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়ালৈকে নিশিতাই দুবাৰকৈ জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা ফটোগ্ৰাফি প্ৰদৰ্শনীতো ভাগ ল’লে। পেপাৰ , আলোচনী আদিতো চেগা চোৰোকাকৈ তাইৰ ফটো ওলাই থাকিল। ইতিমধ্যে অনুৰাগে মাছকমিউনেশ্যন পাছ কৰি এটা ব্যক্তিগত সংবাদপ্ৰতিষ্ঠানৰ চাকৰিত যোগদান কৰিছিল।

স্পষ্টবাদী, দ্বায়িত্বশীল, অমায়িক অনুৰাগৰ বিবাহৰ প্ৰস্তাৱ দুয়োখন ঘৰেই অকনো বাধা নোহোৱাকৈ স্বীকাৰ কৰিছিল। হৃদয়ৰ বান্ধোনেৰে কেতিয়াবাই বান্ধ খোৱা নিশিতা- অনুৰাগক সামাজিক বান্ধোনেৰে বান্ধি দিছিল । সুখী হৈছিল দুয়ো।

বিয়াৰ পিছত অনুৰাগৰ অফ দে বিলাকত দুয়ো মহানগৰীৰ পৰা নাতি দূৰৈত থকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উমানন্দ, নীলাচল, হাজো, চানডুবি আদি ঠাবোৰৰ অৰঙে দৰঙে ঘূৰি ফটোগ্ৰাফিৰ চখ পূৰাইছিল। বহুসময় ধৰি বহি বহি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য পান কৰিছিল। নদীৰ পাৰত বহি অস্তমিত সূৰ্যৰ হেঙুলীয়াত নিজকে বিলীন কৰিছিল। দুটি মুক্ত বিহংগ হৈ ঘূৰি ফুৰিছিল। প্ৰকৃতিৰ মুক্ত পৰিবেশত আবেগভৰা প্ৰেমালাপ। বেসুৰা সংগীত বোৰ, প্ৰিয় কবিতাৰ পংক্তি বোৰ আওৰাই বেছ ৰোমান্টিক মূহুৰ্ত পাৰ কৰিছিল। মনত পৰিলে আজিও অজান পুলকত শিহৰিত হয় তাইৰ মন। ৰামধেনুৰ ৰং চাই আপোন পাহৰা অনুৱে নিশাৰ চকুতে দেখিছিল অজস্ৰ সপোনৰ ৰং। সেয়ে ৰামধেনু দেখিয়েই নিশাৰ মনত পৰিছিল নৈৰ পাৰত বহি আবেগেৰে তাইক ব্যাকুল কৰি পেলোৱা কথাবোৰ।

বিয়াৰ দুটি বছৰৰ পিছত সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী আৰু পৃথিৱীৰ সকলো সুখৰ সমাহাৰ হৈ ‘সৃষ্টি’ আহিল অনুৰাগ আৰু নিশাৰ জীৱনলৈ। সৃষ্টিৰ প্ৰতিটো হাঁহি, প্ৰতিটো কান্দোন, কলকাকলিৰে সিহঁতৰ জীৱন মুখৰিত হৈ পৰিছিল। চাই চাই হেপাঁহ নপলাই সৰগৰ পৰী হেন সৃষ্টিৰ কপাহ কোমল মুখখন।

নিশাৰ এতিয়া একোলৈ আহৰি নাই। সৃষ্টিক লৈয়ে তাইৰ ব্যস্ততাৰ অন্ত নাই। দিনে দিনে মৰমলগা হৈ আহিছে সৃষ্টিজনী। অনুৰাগৰ অফ দে বিলাকত সিহঁতৰ ভ্ৰমনবিলাস চলি থাকিল। কিন্তু নিশিতাৰ হে ফটোগ্ৰাফিলৈ সময় নোহোৱা হ’ল।

সময়বোৰ পাৰ হৈ গৈ আছে । সৃষ্টিক স্কুলত দিয়া হ’ল । অনুৰাগৰ ব্যস্ততা বাঢ়িল। অকলশৰীয়া সময়বোৰত নিশাৰ বেয়া লাগে। ফটোগ্ৰাফি কৰি ফুৰা দিনবোৰলৈ মনত পৰে। অনুৰাগেও বুজে। তাইক সময় দিব নোৱাৰি সিও দুখী অনুভৱ নকৰা নহয় । অনুৰাগে তাইৰ বাবে প্ৰাইভেট স্কুল এখনৰ চাকৰি এটা বিচাৰিলে। তাইয়ো বেয়া নাপালে । দুখন স্কুলত ইন্টাৰভিউ দি তাৰে এখনত তাই জইন কৰিলে। তাইৰ বেয়ালগা সময়বোৰ নোহোৱা হ’ল।

সৃষ্টিয়ে হায়াৰ চেকেণ্ডেৰী ফাইনেল দি মেডিকেল এন্ট্ৰেন্সৰ প্ৰস্তুতিত ব্যস্ত। হঠাৎ নিশিতাৰ দেউতাকৰ বুকুৰ বিষটোৱে উক দিলে। মাকে কি কৰিব উৱাদিহ নাপায় জীয়েকক জনালে। একমাত্ৰ ভায়েক নতুনকৈ জইন কৰা কোম্পানীৰ ট্ৰেইনিঙত ছমাহৰ বাবে বাহিৰত আছেগৈ। দুমাহ পাৰ হৈছেহে। দেউতাকৰ অসুখ বুলি শুনি কাৰো কথা নুশুনি সি গুচি আহিব খুজিলে। অৱশেষত ভিনিয়েকৰ বুজনিত ৰ’ল যেনিবা। নিশিতাই স্কুল ছুটী লৈ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। দেউতাকক গুৱাহাটীলৈ লৈ আনিলে, হাৰ্টৰ এটা অপাৰেশ্যনৰ পিছত দেউতাক অলপ সুস্থ হোৱাত তাই মাকৰ সৈতে দেউতাকক লৈ ঘৰলৈ গ’ল। অসুখীয়া দেউতাকৰ সৈতে মাকক অকলে এৰিবলৈ তাইৰ মনে নকলে। অনুৰাগেও ভায়েক অহালৈকে তাইক মাক দেউতাকৰ লগতে থাকিবলৈ ক’লে। প্ৰাইভেট স্কুলৰ চাকৰি, ইমান দিনৰ ছুটী নাপায় । চাকৰিতো ৰিজাইন দিলে নিশাই।

পুনৰ গুৱাহাটীলৈ আহি আৰু তাইৰ চাকৰিত জইন কৰিবলৈ মন নকৰিলে। সৃষ্টিয়ে এন্ট্ৰেন্সত পাছ কৰি গুৱাহাটী মেডিকেল কলেজতে চিট পাই এডমিচন ল’লে। অনুৰাগৰ প্ৰমোচন হ’ল। ব্যস্ততা বাঢ়িল। নিশিতা আকৌ এবাৰ অকলশৰীয়া হ’ল।

ঘৰত থাকোতেই মাকক ঘৰুৱা কামে বনে সহায় কৰা জেউতি বাইদেউৱে জীয়েক জয়াৰ কথা কৈছিল, বোলে ওচৰৰ গাঁও এখনৰ দেখাই শুনাই ভালেই ল’ৰা এটালৈ এসাঁজ খুৱায়েই বিয়া দিছিল জয়াক। কিন্তু দুবছৰলৈকে সন্তানৰ মুখ নেদেখি তাইক খেদি দিয়া দিয়েই দিলে। ছোৱালীজনী লাজে অপমানে খীনাই শুকাই অৱস্থা নোহোৱা হৈছে। অহৰ্নিশে মন মাৰি থাকে, লুকাই লুকাই কান্দে।” মই মাকজনীয়ে কিমান সহিম আৰু!!” চাঁদৰৰ আচলেৰে চকুপানীবোৰ মোহাৰি লয় জেউতিয়ে।
এৰা! কিবা এটা কৰিব পৰা হ’লে!
অনুৰাগৰ আগত কথাটো উলিয়ালত অনুৰাগে ক’লে- “তোমাৰো লগ হ’ব ,, তাইৰো ভাল লাগিব। যদি আহিব খোজে মাতি দিবা।”—- এইবোৰ কথাৰ বাবেই নিশাৰ অনুৰাগলৈ সন্মান জাগে। প্ৰতিটো কথাৰেই যোগাত্মক দিশটো চাই সমাধান এটা বিচাৰি দিব জানে। ব্যস্ততাৰ মাজত যিকন সময় পাই তাইক হিয়া উজাৰি দিয়ে। সেই একেই আকুলতাৰে বুকুত সাবটি তাইক ভাল পাওঁ বুলি কয়। মন ভৰি থাকে তাইৰ। কিন্তু মায়াবী মানৱ মনৰ আকাঙ্ক্ষাৰ অন্ত আছে জানো! ফটোগ্ৰাফি কৰিবলৈ নোপোৱা ভমকটোৱে তাইক জোকাই থাকে মাজে মাজে। লেপটপটো খুলি পুৰণি ফটোবোৰকে চাই আপোন পাহৰা হয় তাই। আকৌ ভাল কেমেৰা এটা লৈ আৰম্ভ কৰিব নেকি তাই! নাই, সৃষ্টিৰ পঢ়া-শুনা বোৰ শেষ নোহোৱালৈকে তাই অনুৰাগক কোন সতে কয় কেমেৰা এটা লাগে বুলি। আৰু লৈ দিলেও তাই আগৰ দৰে পাৰিবনে!! বুকুৰ একোণত আলফুলে সামৰি থয় আশাবোৰ।

পিছদিনাই মাক-দেউতাকৰ লগতে জেউতি ৰ লগতো কথা পাতি আৰু জয়াইও আহিম বুলি কোৱাত পিছৰ সপ্তাহতে জয়া নিশাৰ লগ হ’বলৈ গুৱাহাটীলৈ আহিল।

হাতত লৈ থকা ফোনটো সশব্দে বাজি উঠিল। অনুৰাগৰ নামটো স্ক্ৰীন খনত ওলাই আছিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা—
: নিশা। আজি অফিচৰ পৰা সোনকালে যাম। সন্ধিয়া এফালে যাম। ৰেডী থাকিবা।
: হা, মই। মইও । কিন্তু ক’ত?
: হয়, মোৰ হৃদয়ৰ ৰাণী । তুমিও। ক’ত যাম সেইটো চাৰপ্ৰাইজ! ..আৰু শুনা জয়াকো ক’বা ওলাবলে। বেচেৰীৰ মনটো ভাল লাগিব।

অনুৰাগে চমুকৈ কৈ ফোনটো ৰখাৰ পিছত সৃষ্টিলৈ ফোন কৰিলে । তাই মেডিকেল পাচ কৰি ইন্টাৰ্ণছিপ কৰি আছে। আজি অহাৰ কথা।
: মই জানো মা, বাহিৰে বাহিৰে তালৈকে যাম।
: তুমি জানা? কিন্তু ক’ত যাম?
: ন’ মা। কোৱা মানা আছে। সন্ধিয়া লগ পাম । লাভ ইউ, টেক্ কেয়াৰ। বাই।
বুলি ফোনটো কাটি থ’লে।
এই বাপেক জীয়েকহাল একেই হ’ল বুলি ভোৰভোৰাই নিশিতাই জয়াক মাতি তাইকো সাজু হ’বলৈ ক’লে।
নিৰ্দিষ্ট সময়ত অনুৰাগ ঘৰ আহি পাই চাহ একাপ খায়েই নিশা আৰু জয়াক লৈ পুনৰ ওলাই গৈ থাকোতে ৰাস্তাত বাৰে বাৰে ক’ত যাম সুধি থকা নিশাৰ উত্তৰত ক’লে—– “আমি আজি ৰাতি বাহিৰত খাম,, তোমালোকো খানা বনাই খোৱাই ব’ৰ হৈ গৈছা নহয়? আজি বাহিৰত খাম দিয়া। মাজনীও আহি আছে আমাক জইন কৰিব।”” — বাহিৰত খাবলৈকে অনুৰাগে তাইক ওলাই থাকিবলে ক’লে। আজিতো একো স্পেচিয়েল নাই। কাৰো বাৰ্থদে বা বিবাহ বাৰ্ষিকীও নাই, তাই মনতে তাৰিখবোৰ হিচাপ কৰি ভাবিলে ।

অনুৰাগে আৰ্ট গেলাৰীৰ সন্মূখত গাড়ীখন ৰখাই, ‘এক মিনিট আহিছো’ বুলি কৈ নামি গেলাৰীৰ ফালে সোমাই গ’ল। নিশাই অনুৰাগ যোৱাৰ ফালে চাই চকুহাল ঘূৰাই আনিব খোজোতেই চিনাকি কিবা এটা দেখি পুনৰ চাই পঠিয়ালে। “গ্ৰীষ্মকালীন ফটো প্ৰদৰ্শনী ” আজিৰ আকৰ্ষণ: ‘নিশিতা দুৱৰাৰ ফটোগ্ৰাফি’ । পাতল গুলপীয়া ৰঙৰ তাইৰ প্ৰিয় চুৰিদাৰ যোৰ পিন্ধি মেলা চুলিৰে , কেমেৰাৰে ফটো তুলি থকা অৱস্থাতে ফটোখন তুলিছিল অনুৰাগে। সেই ফটোখনৰ সৈতে আৰ্ট গেলেৰীৰ সন্মুখৰ হৰ্ডিং খনত লিখা আছিল তাইৰ নাম। তাই আশ্চৰ্যত থৰ লাগিছিল। গাড়ীৰ পৰা নামি আহিছিল তাই। অনুৰাগ ওলাই আহি তাইৰ হাতত ধৰি আগবঢ়াই নিছিল হি। আজিও অনুৰাগৰ মৰম ভালপোৱাই মূক কৰি পেলালে তাইক। তাই জোৰকৈ খামুচি ধৰিলে তাৰ হাতখন। সি তাইৰ চকুহাললৈ চাই যেন এক নতুন আৰম্ভণিৰ কথা কৈ গ’ল। একান্ত বাধ্য হৈ অনুৰাগৰ পিছে পিছে সোমাই গৈ থাকিল। সোমাই যোৱাৰ লগে লগে হাতচাপৰিৰে সম্ভাষণ জনালে উপস্থিত সকলে । বহুকেইজন উদীয়মান, জ্যেষ্ঠ চিত্ৰশিল্পীৰ লগতে দুখন মান আগশাৰীৰ বাতৰি-কাকত আৰু আলোচনীৰ সম্পাদক সকলকো দেখিলে। তাইৰ মায়াময় পৰিবেশ টো সপোন যেন লাগিল। জ্যেষ্ঠ চিত্ৰশিল্পী অপূৰ্ব চৌধুৰীয়ে ৰঙা ফিটাডাল কাটি উদ্বোধন কৰিছিল প্ৰদৰ্শনীৰ দ্বাৰ । ডাঙৰ সৰু বিভিন্ন ফ্ৰেমত বন্ধাই থোৱা আছিল এসময়ত তাইৰ কেমেৰাত বন্দী হোৱা গ্ৰামাঞ্চল আৰু নৈপৰীয়া জীৱন প্ৰতিফলন হোৱা ফটোবিলাক। বিশিষ্ট ব্যক্তিসকলৰ লগে লগে তাইয়ো মন্ত্ৰমুগ্ধ ৰ দৰে এফালৰ পৰা চাই পুণৰবাৰ উপভোগ কৰিলে ফটো তোলা দিনৰ মাদকতাবোৰ। উৎসাহিত মন্তব্যই তাইৰ ভিতৰত সোমাই ৰখা ফটোগ্ৰাফাৰ নিশাক যেন জগাই তুলিছিল। আলোচনীৰ সম্পাদক সকলে তাইৰ ফটোবিলাক প্ৰকাশৰ অনুমতি বিচাৰিলে । এবাৰত তাই চুক এটাৰ পৰা কেমেৰাত ফটো তুলি থকা সৃষ্টিক দেখা পালে।
কেমেৰা ক’ত পালে সৃষ্টিয়ে ! তাই আগবাঢ়ি মাকক সাবটি ধৰিলে। “কংগ্ৰেচুলেশ্যনচ্ মা– এইয়া লোৱা তোমাৰ চাৰপ্ৰাইজ্ দেউতা আৰু মোৰ ফালৰ পৰা” — বুলি তাই কেমেৰাৰটো মাকৰ হাতত দিলে। অনুৰাগ কাষ চাপি আহিছিল। “কেনে লাগিল নিশা? আকৌ আৰম্ভ কৰিব লাগিব। কাইলৈ পুৱাতেই আমি মানাহলৈ যাম। মই দুদিন ছুটী লৈছোঁ।”—-
বৰ অধীৰ হৈ ৰাতিপুৱালৈ অপেক্ষা কৰিলে নিশিতাই।