বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজাভেটা গাঁও পঞ্চায়তৰ থকা কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰী শ্ৰী ৰঞ্জিৎ কুমাৰ দাসে

pc Facebook
বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজাভেটা গাঁও পঞ্চায়তৰ থকা কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰী শ্ৰী ৰঞ্জিৎ কুমাৰ দাসে
অনলাইন বাৰ্ত্তাসেৱা – ডিব্ৰুগড় জিলাত বিভাগীয় পৰ্যালোচনা সভা সম্বোধন কৰাৰ পিছত মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিৎ কুমাৰ দাস ডাঙৰীয়া বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী সঞ্জীৱ হাজৰিকাৰ গৃহত উপস্থিত হয় আৰু তেখেতৰ পঞ্চায়ত খনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰা হয় ৷ লগতে, ৰাজাভেটা গাঁও পঞ্চায়ত খনৰ বিভিন্ন সমস্যাৰাজীৰ বুজ লৈ সেইসমূহ শীঘ্ৰে সমাধান কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷ এই সময়ছোৱাত মোক সংগ প্ৰদান কৰে ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন আৰু প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱাই।