ওদালগুৰি জিলা ডিমাকুছিত ১২ জনকৈ ULB উগ্ৰপন্থীৰ সদস্য আত্মসমৰ্পন

ওদালগুৰি জিলা ডিমাকুছিত ১২ জনকৈ ULB উগ্ৰপন্থীৰ সদস্য আত্মসমৰ্পন

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  বিটিআৰ ওদালগুৰি জিলা অন্তৰ্গত ডিমাকুছি থানাত বুধবাৰে ১২ জনকৈ নৱগঠিত উগ্ৰপন্থী সংগঠনৰ সদস্য ইউনাইটেড লিবাৰেছন ফৰ বড়োলেণ্ড চমুকৈ (Ulb) উগ্ৰপন্থী সংগঠনৰ ওদালগুৰি জিলা প্ৰায় ১২ জনকৈ সদস্য আজি আত্ম সমৰ্পণ কৰে ডিমাকুছি আৰক্ষী থানাত। উল্লেখ্য যোৱা ১৫ ছেপ্টেম্বৰ তাৰিখে বড়োভূমিত ডিভাইড আসাম ৫০-৫০ পৃথক বড়োলেণ্ড দাবীৰে বড়োভূমিত সামাজিক মাধ্যম যোগে আত্ম প্ৰকাশ কৰা নৱগঠিত উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেছন ফৰ বড়োলেণ্ড চমুকৈ ULB সংগঠনে কিছু দিন ধৰি বড়োভূমিত সামাজিক মাধ্যম যোগে দপদপনি চলাই আছিল যদিও হয়তু এচামে সদস্যই সংগঠনৰ উদ্দেশ্য সন্মত নাছিল যাৰ পৰিপেক্ষিতত আজি ওদালগুৰি জিলাৰ প্ৰায় ১২ জনকৈ ইউএলবি সদস্য এটা হেণ্ড গ্ৰেনেট সহ সৎ ইচ্ছাৰে ডিমাকুছি আৰক্ষীৰ সৈতে আলোচনা মৰ্মে আত্মসমৰ্পন কৰে। আৰু এতিমধ্যে ডিমাকুছি আৰক্ষীয়ে উগ্ৰপন্থী সদস্য সকলক ডিমাকুছিৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা কথা জানিবলৈ দিয়ে।