মোৰ বয়সৰ লোকসকল হয় বিচনাত বা হুইলচেয়াৰত আছে: লতা মংগেশকাৰ

pc SpotboyE

মোৰ বয়সৰ লোকসকল হয় বিচনাত বা হুইলচেয়াৰত আছে: লতা মংগেশকাৰ

অনলাইন বার্ত্তাসেৱা- প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ ৯২ বছৰীয়া জন্মদিন উপলক্ষে প্ৰবীণ গায়িকাগৰাকীক সোধা হৈছিল যে তেওঁ কাৰোবাক ঈৰ্ষা কৰে নেকি, যাৰ উত্তৰত তেওঁ কয়, “নকৰো, একেবাৰে নকৰো। মই নিজকে ধন্য বুলি বিবেচনা কৰোঁ।” “মোৰ বয়সৰ লোকসকল হয় গুচি গৈছে, বিচনাত পৰিছে, বা হুইলচেয়াৰত আৱদ্ধ হৈ আছে। ঈশ্বৰৰ কৃপা আৰু মোৰ শুভাকাংক্ষীসকলৰ প্ৰেমৰ দ্বাৰা মই এতিয়াও ইয়াত আছোঁ,” তেওঁ লগতে কয়।