নতুন এছ.অ’.পি.ৰ জৰিয়তে আৰু কিছু শিথিলতা আনিলেও বন্ধ থাকিব প্রাথমিক বিদ্যালয়

pc Twitter

নতুন এছ.অ’.পি.ৰ জৰিয়তে আৰু কিছু শিথিলতা আনিলেও বন্ধ থাকিব প্রাথমিক বিদ্যালয়

অনলাইন বাৰ্ত্তাসেৱা – সংবাদ মাধ্যমৰ আগত নতুন এছ অ’ পি জাৰি কৰাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্রী মহন্তই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ১ অক্টোবৰৰ পূর্বে নতুন এছ অ’ পি জাৰি কৰাৰ ইংগিত দিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। তেওঁ কয় যে অহা ১ অক্টোবৰৰ পৰা আৰু কিছু শিথিলতা অনাৰ চিন্তা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্রীয়ে কৈছে। আগন্তুক দুর্গাপূজা তথা আন উৎসৱসমূহ যাতে ৰাইজে উপভোগ কৰিব পাৰে, তাৰ বাবে নতুন এছ.অ’.পি.ৰ জৰিয়তে আৰু কিছু শিথিলতা আনিলেও প্রাথমিক বিদ্যালয় বন্ধ থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। স্বাস্থ্যমন্ত্ৰী মহন্তই উল্লেখ কৰে যে ক’ভিড বিধি মানি চলি শ্রেণীকোঠাত পাঠদান চলিব। এতিয়া দ্বাদশ শ্ৰেণীৰ পাঠদান হৈছে, এইবাৰ একাদশ আহিব। সেইদৰে দশম শ্রেণীৰো পাঠদান হৈ আছে, এইবাৰ নৱম মানৰো হ’ব। উল্লেখ্য যে ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰ প্ৰতিৰোধৰ বাবে যোৱা এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল। অৱশ্যে এই সময়ছোৱাত অনলাইন পাঠদান অব্যাহত থাকে। কিন্তু ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে চৰ্তসাপেক্ষে স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত শ্রেণীকোঠাত পাঠদানপর্ব মুকলিত অনুমতি প্রদান কৰে।