ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনীয়া কাৰ্যসূচীৰ সামৰণি

pc Facebook

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনীয়া কাৰ্যসূচীৰ সামৰণি

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ‘আনন্দৰাম বৰুৱা ক্ষেত্ৰ’ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাখনৰ যোৱাকালি দ্বিতীয় দিনীয়া কাৰ্যসূচীৰ সামৰণিৰ অন্তত জিলাৰ প্ৰভাৰী সকল, জিলাৰ সহ প্ৰভাৰীসকল, মৰ্চাৰ সভাপতি সকলৰ লগতে ৰাজ্যিক বিষয় ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই উক্ত বৈঠকত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় শ্ৰী বি.এল.সন্তোষ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী মাননীয় শ্ৰীবৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়া, ৰাজ্যিক সভাপতি ভবেশ কলিতা,  ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় শ্ৰী ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া, অসম প্ৰদেশৰ সহ প্ৰভাৰী মাননীয় শ্ৰীপৱন শৰ্মা ডাঙৰীয়া, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মাননীয় শ্ৰীঅজয় জামোৱাল ডাঙৰীয়া উপস্থিত থাকে। বৈঠকত দলৰ সাংগঠনিক দিশ আৰু আগন্তুক দলৰ কাৰ্যপন্থা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

(UD.)