তৰাৱলী অভিসাৰ- সঙ্গীতা সাগ্পনা শৰ্মা

pc- Gift Your Star

তৰাৱলী অভিসাৰ

✍🏻 সঙ্গীতা সাগ্পনা শৰ্মা

মোৰ মনৰ দিগ দৰ্শনত মাথো তোৰে ছবি
বকুলৰ চানেকীত বুটা বছা আছে
এটা নিশাৰ তৰাৱলী অভিসাৰ
সকলোৱে জানে বকুল মোৰ প্ৰিয়
তয়েইটো শুনাইছিলি ফাগুনি
চঞ্চলতাত
অৰুণিমাৰ সেন্দুৰীয়া সাধু

মোৰ গাখীৰতী সপোনবোৰ গৰ্ভৱতী হৈছিল
তোৰে পৰশ লাগি
ক্ষণিকতে স্তব্ধ হৈ পৰিল
গোলাপ সুগন্ধিত উশাহবোৰ
কৃষ্ণচূড়াৰ ৰাঙলী উছাহতো
হিয়াত নাই আচ্ছাদন

লুইতৰ বুকুতে লিখি থৈছোঁ
বহু গোপন দস্তাৱেজ
এই বালিতেই খেলিলো দুয়ো
কড়িখেল
হিচাপ থাকিল বহুত বাকী
আঙুলিৰ ফাঁকেৰে সৰকে ৰূপালী বালি

তোৰ বাবেইটো অকনমান সেউজীয়া হৈছিলো
এতিয়া যে পৃথিৱী স্তব্ধ
প্ৰভাতী পখীৰ কাকলিত
ৰ’দৰ হাঁহিৰ সুৱাগমনি ক’ তনো হেৰাল
সময়ে লিখিছে ইতিহাস
আজন্ম প্ৰেমৰ হাজাৰ কবিতাৰ