গোলকীয় উষ্ণতাই বিপৰ্যয়ৰ দিশলৈ ঠেলিছে পৃথিৱীক

pc- India today

গোলকীয় উষ্ণতাই বিপৰ্যয়ৰ দিশলৈ ঠেলিছে পৃথিৱীক

অনলাইন বাৰ্ত্তাসেৱা- বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনক লৈ পৃথিৱীৰ গ্ৰহৰ বিপৰ্যয় নামি অহা বুলি ন ন তথ্য সদৰী কৰি আহিছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ তৰ্কৰ পৰা যুগুতোৱা হৈছে এক প্রতিবেদন। এই প্রতিবেদন অনুসৰি আমাৰ পৃথিৱী ভবাতকৈ ২.৭ ডিগ্রী চেলচিয়াছৰ উষ্ণতাৰ সন্মুখীন হʼবলৈ গৈ আছে। আগষ্ট মাহত অনুৰূপ প্ৰতিবেদনত দেখুওৱা হৈছিল যে গোলকীয় উষ্ণতা প্রায় ১.২ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাইছে। যদি এই প্রক্রিয়া অব্যাহত থাকে তেন্তে ২০৩০ চনত গ্রীন হাউছ গেছ নির্গমন বৃদ্ধি পাব ১৬ শতাংশ। কার্বনমুক্ত পৃথিৱীৰ বাবে ২০৩০ৰ ভিতৰত ৪৫ শতাংশ গ্রীন হাউছ গেছ নির্গমন প্ৰতিৰোধৰ প্ৰয়োজন। কিন্তু ছবছৰ পূৰ্বে পেৰিছ জলবায়ু চুক্তিত যি সংকল্প গ্ৰহণ কৰা হৈছিল, তাক কোনো দেশেই বাস্তৱায়িত কৰিবলৈ অগ্ৰসৰ হোৱা নাই। গতিকে পৃথিৱী মহাবিপৰ্যয়ৰ সন্মুখীন হʼবলৈ আগবাঢ়িছে বুলি প্রতিবেদনত সতর্কবাণী প্ৰদান কৰা হৈছে।