পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম সন্তান শিৱ থাপা

পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম সন্তান শিৱ থাপা

অনলাইন বাৰ্ত্তাসেৱা- কৰ্ণাটকৰ বিলাৰিত চলি থকা পঞ্চম বাৰ্ষিক পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম সন্তান শিৱ থাপাই প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ ৬৩ কেজিৰ কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাই আৰএছপিবিৰ প্ৰতিদ্বন্দ্বী অংকিত নৰৱালক পৰাস্ত কৰিবলৈ সক্ষম হয়। শিৱ থাপাই মেচখনত অংকিতক আৰম্ভণিৰে পৰা চাপত ৰাখে আৰু ৪-১ৰ ব্যৱধানত জয় সাব্যস্ত কৰে। ছেমিফাইনেলত অসমৰ অলিম্পিয়ান বক্সাৰগৰাকীয়ে উত্তৰ প্ৰদেশৰ অভিষেক যাদৱৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব।