মমৰ পুতলা
বন্দিতা শৰ্মা কন্দলী
দিনৰ দিনটো অলৌ-টলৌ কৈ ঘুৰি ফুৰা ৰিবুক চিঞৰি চিঞৰি মাতি আনি বায়েক ৰিমায়ে ৰঙীন কাগজ, ধুনীয়া ৰঙীন বিয়াৰ নিমন্ত্ৰণী পত্ৰ, পুৰণি কেলেণ্ডাৰ আদি দি ক’লে -শুনা ৰিবু, এনেকৈ ৰʼদে ৰʼদে ঘুৰি ফুৰাতকৈ আমি এই কাগজ ভাঁজ কৰি ফুল,নাও,চৰাই আদিকে সাঁজো আঁহা।ৰিবুৱে ৰঙীণ কাগজ বোৰ দেখি আচৰিত হৈ ক’লে ‘বাঃ ইমান ধুনীয়া ছবি আছে এই কেলেণ্ডাৰ বোৰত!’ৰিমায়ে ক’লে -এতিয়া ছবি চাব নালাগে, মই তোমাক কাগজৰ মালা কেনেকৈ সাঁজে দেখুৱাই দিওঁ ,চাই লোৱা দেই ভালকৈ।ৰঙা ৰঙৰ কাগজ এখন লৈ ৰিমাই ভাঁজ কৰি কাগজৰ মালা বনাই ৰিবুক সুধিলে, তুমি হালধীয়া ৰঙৰ এডাল মালা বনাব পাৰিবানে? ছবি চাই চাই আপোন ভোলা হৈ থকা ৰিবুৰ ,ৰিমাৰ কথা কাণত সোমোৱাই নাই।ৰিবুৰ পৰা কোনো সহাঁৰি নাপাই ৰিমাই তাৰ ফালে চাই দেখে তাৰ হাত- ভৰিত গোটেই বোকা। লগে লগে ৰিমাই মাকক চিঞৰি ক’লে- মা ,ভাইটিৰ হাতে ভৰিয়ে বোকা, তোমাৰ লগতে কামত লগাই লোৱা!ৰিবুৱে যেন সেইষাৰ কথা শুনিবলৈ হে ৰৈ আছিল। সি দৌৰি গৈ মাকৰ কাষ পালেগৈ।মাকে গৰু দানা সিজোৱা চৌকাটো গোবৰ আৰু মাটি মিহলাই লিপি আছিল।মাটি পানীৰ লগত খেলি ভাল পোৱা ৰিবুৱে মাকে আঁতৰাই থোৱা মাটিৰ লডা এটা দেখি সেইখিনি সি ল’ব পাৰে নেকি সুধিলে।মাকে ক’লে সেইখিনি লিকটিয়া (আলতীয়া)মাটিহে,আমি প্ৰাইমেৰী বিদ্যালয়ত পঢ়ি থকা সময়ত এনে মাটিৰে আম,কণী,অমিতা,আপেল আদি সাঁজো আৰু কচুপাত,চূণ,আদিৰে ৰং সানোঁ।
মাক আৰু ভায়েকৰ কথা শুনি ৰিমাই ৰঙীন কাগজ বোৰ সামৰি থৈ তেওঁ লোকৰ ওচৰ পালেহি।ৰিমাক দেখি ৰিবুৱে ক’লে-অʼ বা,মা হঁতে আগতে মাটিৰে ফল মূল সাজিছিলে !ৰিমাই ক’লে অঁ হয়।মমেৰে বনালে সকলোতকৈ বেছি ধুনীয়া হয়। একেবাৰে সঁচা-সঁচি, তুমি ধৰিবই নোৱাৰিবা জীৱন্ত নে মূৰ্তি।ৰিমাৰ কথা শুনি ৰিবুৰ চকু থৰ লাগিল। ডাঙৰ ডাঙৰ চকুৰে চাই বায়েকক ক’লে- মমেৰে বনোৱা পুতলা বোৰ ক’ত আছে নো?কোৱা চোন কোৱা।কʼম , তুমি ভৰি হাত ধুই আঁহা ।ৰিবুৱে একান্ত বাধ্য লʼৰাৰ দৰে হাত ভৰি ধুই বায়েকৰ ওচৰত পালেহি।ৰিমাই ক’লে মমেৰে তৈয়াৰী পুতলা বোৰ মমৰ যাদুঘৰত ৰাখে।এই যাদুঘৰত ঐতিহাসিক আৰু বৰ্তমানৰ বিখ্যাত ব্যক্তি সকলৰ অবিকল প্ৰতিমূৰ্তি চাবলৈ পোৱা যায়। আমি দেখা এনে শিল্পক ভাস্কৰ্য শিল্প বা কলা বুলি কোৱা হয়।
ৰিমাবা ,আমাৰ ভাৰতত এনে যাদুঘৰ আছেনে বাৰু?আছে আছে, ভাৰতবৰ্ষৰ প্ৰথম মমৰ যাদুঘৰ ২০০৫ চনৰ ২৪ ডিচেম্বৰত কন্যাকুমাৰীত মুকলি কৰে। এই যাদুঘৰ প্ৰতিষ্ঠা কৰে সুনীল কানৰ্ডলাৰ নামৰ এজন ব্যক্তিয়ে। নতুন দিল্লীত মেডাম টুছু মিউজিয়াম আছে। ২০১৪ চনত কলকাতাত মাডাৰ টেৰেছাৰ স্মৃতিত স্থাপিত মাডাৰছ ৱেক্স মিউজিয়াম টো দেশৰ ভিতৰতে বৃহৎ।তাত বিভিন্ন অভিনেতা, সাহিত্যিক, বিজ্ঞানী, শিল্পী, ৰাজনীতিবিদ, মুক্তি যুঁজাৰু আদিৰ মমৰ মূৰ্তি দেখিবলৈ পোৱা যায়।ৰিবুৱে দেখিছো দেখিছো বুলি চিঞৰি উঠিল।ৰিমাই আচৰিত হৈ ক’লে কʼত দেখিলা?ৰিবুৱে মাকৰ মোবাইল ফোন টো আনি ফটোবোৰ দেখুৱাই ক’লে কেলে জেঠাই ঘৰৰ মিটুদায়ে তাত তোলা ফটো এইবোৰ নহয়।ৰিমাই ক’লে তোমাৰ কিন্তু বহুত কথা মনত আছে দেই। আৰু মহীশূৰৰ মেলʼডি ৱৰ্ল্ড ৱেক্স মিউজিয়াম ত দেশ- বিদেশৰ প্ৰায় ৩০০বাদ্যযন্ত্ৰ সমন্বিত বাদ্যযন্ত্ৰীৰ মমৰ মূৰ্তি আছে। তাৰোপৰি উটি,কড়াইকানাল,মুচৌৰি,জয়পুৰ, বেংগালুৰু, লুনাভালা ত মমৰ যাদুঘৰ আছে। ৰিবুৱে ক’লে সঁচাকৈয়ে বা,মানুহে যে নোৱাৰা কাম একোৱেই নাই নহয়নে? হয় , আমি সেয়ে টান কাম বুলি এলাহ কেতিয়াও কৰিব নালাগে। ৰিবুৱে ক’লে মোৰ যে কোনো কাম লৈকে এলাহ নাই দেই।ৰিমাই হাঁহি দমাব নোৱাৰিলে হাঃ হাঃ।