এ পি ডি চি এলৰ পৰীক্ষাৰ মূল্যায়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা বিশ্ববিদ্যালয়ত উপস্থিত

pc- the Sentinel assam

এ পি ডি চি এলৰ পৰীক্ষাৰ মূল্যায়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা বিশ্ববিদ্যালয়ত উপস্থিত

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা এ পি ডি চি এলৰ পৰীক্ষাৰ মূল্যায়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা প্ৰক্ৰিয়াৰ তদাৰক কৰিবলৈ বিশ্ববিদ্যালয়খনত উপস্থিত হৈছে। যথেষ্ট খেলিমেলিৰে ইয়াৰপূৰ্বে সম্পন্ন হৈ যোৱা এ পি ডি চি এলৰ কেইবাটাও পদৰ নিযুক্তিৰ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা নাই। এ পি ডি চি এল আৰু বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে আৰু ইয়াৰ জৰিয়তে এই পৰীক্ষাৰ মূল্যায়নৰ দায়িত্ব লৈছে বিশ্ববিদ্যালয়ে। এই পৰীক্ষাক লৈ সৃষ্টি হোৱা পূৰ্বৰ খেলিমেলিৰ তদন্ত কৰি থকা তদাৰকী শাখাই বিশ্ববিদ্যালয়ত মূল্যায়নৰ লগত কোন লোক জড়িত সেই বিষয়ে জানিবলৈ তেওঁলোক বিশ্ববিদ্যালয়ত উপস্থিত হয়।

 

(RT)