এনচিআৰবিৰ ‘ক্ৰাইম ইন ইণ্ডিয়া-২০২০’ প্ৰতিবেদনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ শীৰ্ষত অসম

pc- Sentinel assam

এনচিআৰবিৰ ‘ক্ৰাইম ইন ইণ্ডিয়া-২০২০’ প্ৰতিবেদনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ শীৰ্ষত অসম

অনলাইন বাৰ্ত্তাসেৱা- নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰʼৱে(এনচিআৰবি)প্ৰকাশ কৰা ‘ক্ৰাইম ইন ইণ্ডিয়া-২০২০’ শীৰ্ষক প্ৰতিবেদনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ শীৰ্ষ ৰাজ্যলৈ পৰ্যবসিত হৈছে অসম। এই তথ্য অসমৰ বাবে অতি লজ্জাজনক। এন চি আৰ বিৰ প্রতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক। অসমত অপৰাধৰ বলি হৈছে ২৬,৩৫২গৰাকী মহিলা। ২০১৭ চনৰ পৰা চতুৰ্থবাৰৰ বাবে একেৰাহে মহিলাৰ বিৰুদ্ধে অপৰাধৰ তালিকাত দেশৰ ভিতৰত অসমে অতি লজ্জাজনকভাৱে শীর্ষস্থান দখল কৰিছে৷ ইয়াৰ পূৰ্বে দেশৰ ৰাজধানী দিল্লী আছিল মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰতো শীৰ্ষত। এইবাৰ ৰাজ্যখনে তালিকাৰ তৃতীয় স্থানত আছে। এই তালিকাৰ দ্বিতীয় স্থানত আছে ওড়িশা। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ হৈছে ৫৬.৫। অসমে ১৫৪.৩ হাৰ লাভ কৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিকেন্দ্ৰত পৰিগণিত হৈছে। এন চি আৰ বিৰ প্ৰতিবেদনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ব্যৰ্থতাও প্ৰতিফলিত হৈছে। আৰক্ষীয়ে ২০২০ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মাত্ৰ ৬৩.৮ শতাংশ গোচৰ অভিযোগনামাত দাখিল কৰিবলৈ সক্ষম হৈছে। দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ ৰাজস্থানক বাদ দিলে অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰত পিছপৰি আছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৮.৬ শতাংশ।

 

(RT)