নিজৰ প্ৰচেষ্টাৰে শিক্ষিত যুৱক-যুৱতীসকল আত্মনিৰ্ভৰ হ’ব পাৰেঃ মন্ত্ৰী অতুল বৰা

pc The Sentinel Assam

নিজৰ প্ৰচেষ্টাৰে শিক্ষিত যুৱক-যুৱতীসকল আত্মনিৰ্ভৰ হ’ব পাৰেঃ মন্ত্ৰী অতুল বৰা

অনলাইন বাৰ্ত্তাসেৱা – কৃষি,পশুপালন মন্ত্ৰী অতুল বৰাই মন্তব্য কৰি কয় যে সকলো জাতি জনগোষ্ঠীৰ নিৱনুৱা যুৱক-যুৱতীৰ অংশগ্রহণে কৃষি আৰু আনুষংগিক খণ্ডৰ অর্থনীতি শক্তিশালী কৰি তুলিব আৰু ইয়াক সম্ভৱ কৰি তুলিব পাৰিলেহে আগন্তুক পাঁচটা বছৰৰ ভিতৰত গাখীৰ, কণী আৰু মাংসৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন স্বনিৰ্ভৰশীল হৈ উঠিব। গুৱাহাটীৰ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ‘দুৱৰাজ বেকন’ নামৰ স্বাস্থ্যসন্মত গাহৰি মাংসৰ ভ্ৰাম্যমাণ বিপণীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰী বৰাই কোকৰাঝাৰত শেহতীয়াকৈ আৰম্ভকৰা বড়োলেণ্ড গাহৰি মিছনৰ প্ৰসংগ উল্লেখ কৰে আৰু লগতে চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি নিজৰ প্ৰচেষ্টাৰে শিক্ষিত যুৱক-যুৱতীসকল আত্মনিৰ্ভৰ হ’ব পাৰে বুলি মন্তব্য কৰে।

(UD.)