ডিমাকুছিৰ সাংবাদিক অঞ্চুলা বসুমতাৰীক বড়োলেণ্ড বুব্লী নিউজ প্ৰতিষ্ঠানৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁ‌টা প্ৰদান

ডিমাকুছিৰ সাংবাদিক অঞ্চুলা বসুমতাৰীক বড়োলেণ্ড বুব্লী নিউজ প্ৰতিষ্ঠানৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁ‌টা প্ৰদান

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-বিটিআৰ ওদালগুৰি জিলা ডিমাকুছিৰ যুৱ সাংবাদিক অঞ্চুলা বসুমতাৰীক আজি বুধবাৰে শ্ৰেষ্ঠ সাংবাদিকতা বঁ‌টা প্ৰদান কৰে কোকৰাঝাৰ স্থিত বড়োলেণ্ড বুব্লী নামৰ নিউজ প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে বিগত চাৰিটা বছৰে বিটিআৰ জনগনৰ মাজত সৎ আৰু নিষ্ঠাৰে বড়ো ৰাইজক সতৰ্কিত কৰি অহা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বড়ো ভাষাত বাতৰি সম্প্ৰচাৰ কৰি অহা নিউজ প্ৰ্তিষ্ঠানটোৰ আজি ৩য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। সেয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বড়ো জনগনক সজাগ আৰু সতৰ্কিত কৰি সততাৰে বাতৰি সম্প্ৰ্চাৰ কৰি অহা ডিমাকুছিৰ নিষ্ঠাৱান যুৱ সাংবাদিক অঞ্চুলা বড়োক ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকটা বঁ‌টা প্ৰ্দান কৰে বড়োলেণ্ড বুব্লী নামৰ নিউজ প্ৰতিষ্ঠানটোৱে।