পেন্সনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালোচনা মুখ্যমন্ত্ৰীৰ

pc The Economic Times

পেন্সনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালোচনা মুখ্যমন্ত্ৰীৰ

অনলাইন বাৰ্ত্তাসেৱা – মহানগৰীৰ হাউছফেডস্থিত পেন্সন সঞ্চালকালয়ত উপস্থিত হৈ এখন পর্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৃতজ্ঞতা শীৰ্ষক প’ৰ্টেল আৰু এমট্ৰনৰ পেন্সন প’ৰ্টেল যুক্ত কৰি ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত কোষাগাৰ বিষয়াসকলৰ কাৰ্যালয়ৰ সৈতে পেন্সন সঞ্চালকালয়ৰ ডিজিটেল লিংক স্থাপনৰ ক্ষেত্ৰত পদক্ষেপ ল’বৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই এমট্রনক নির্দেশ দিয়ে। লগতে তেওঁ এই বৈঠকখনৰ জড়িয়তে পেন্সনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালোচনা কৰে আৰু অৱসৰ গ্ৰহণৰ দিনাই পেন্সনৰ কাগজ-নথি কৰ্মচাৰীগৰাকীৰ হাতত তুলি দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে।

(UT.)