অষ্ট্ৰিঅ’ আৰ্থ্ৰাইটিছ – ডাঃ মিহিৰ কুমাৰ গোস্বামী

pc OrthoInfo

অষ্ট্ৰিঅ’ আৰ্থ্ৰাইটিছ

ডাঃ মিহিৰ কুমাৰ গোস্বামী

মানুহৰ শৰীৰৰ অস্থিসন্ধিবোৰ বা জইণ্টবোৰৰ কোনোটোৱেই যন্ত্ৰ মানৱ বা ৰবটৰ সন্ধিস্থলৰ লেখীয়া নহয়৷ উদাহৰণস্বৰূপে টান হৈ গ’লে সেইবোৰত মালিচ কৰি কোমল বা ঢিলা কৰিব পৰা নাযায় ৷ পাছে চিকিৎসা বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ’লে মানৱ দেহৰ অস্থিসন্ধিবোৰ প্ৰকৃততে যন্ত্রাংশৰ বাদে অন্য একো নহয়। যেতিয়া এই অস্থিসন্ধিবোৰ উজু বা মসৃণভাৱে লৰচৰ কৰিব নোৱাৰা হয়, তেতিয়া সেইবোৰে স্বাভাৱিক কাম-কাজ কৰিবলৈ অসমৰ্থ হৈ পৰে। প্ৰশ্ন উঠিব পৰে অস্থিসন্ধি বা গাঁঠিৰ জোৰাবোৰৰ এই কাঠিন্য কি কাৰণত উদ্ভৱ হয় ? সন্ধিস্থলত অনুভূত হোৱা বিষৰ কাৰণ কি ?

প্রথমেই মনত ৰাখিব লাগিব যে সন্ধিবাত বা বাত ব্যাধি নামৰ কোনো ধৰণৰ ৰোগ নাই। প্রকৃত সত্যটি হৈছে যে ‘সংক্ৰমণ’ শব্দটিৰ লেখীয়া এই শব্দটিৰ পৰিসৰ ভালেখিনি ব্যাপক বা বিস্তৃত। ‘সংক্রমণ’ বিভিন্ন কাৰণৱশত হ’ব পাৰে, ঠিক অনুৰূপ ধৰণে বাত বিষৰো প্ৰকাৰ ভেদ আছে আৰু নানা কাৰণত এই বিষ হ’ব পাৰে। ক’বলৈ গ’লে চিকিৎসা বিজ্ঞান জগতত এশৰো বেছি প্ৰকাৰৰ বাত বিষৰ উল্লেখ আছে আৰু ইয়াৰে যিকোনো এক প্ৰকাৰৰ বাত বিষেই এজন ব্যক্তিৰ ভৱিষ্যৎ স্বাস্থ্যৰ বাবে ক্ষতিকৰ হ’ব পাৰে ৷ সেয়েহে এই ৰোগৰ কোনোধৰণৰ উপসর্গ দেখা দিয়া বুলি সন্দেহ বা অনুমান হোৱা মাত্রকে অনতিপলমে তাৰ প্ৰকৃত স্বৰূপ নিৰ্ধাৰণ কৰিবলৈ তৎপৰ হ’ব লাগে। এনে কৰিলে সম্ভাব্য যন্ত্ৰণাৰ পৰা ভালেখিনি অব্যাহতি পোৱা যায়। ভৱিষ্যৎ জীৱনত হ’ব পৰা ভালেমান জটিলতাৰ পৰাও হাত সাৰিব পাৰি।

বাত ব্যাধিয়ে বিভিন্ন ব্যক্তিৰ দেহত বিভিন্ন ধৰণে আক্ৰমণ কৰে। গতিকে ব্যক্তিভেদে চিকিৎসাৰ সামান্যতম হ’লেও প্রভেদ আছে। অনুৰূপভাৱে সেই হেতুকে নিজেই নিজৰ ৰোগ নিৰ্ণয় কৰি চিকিৎসা আৰম্ভ কৰা আৰু ইয়াৰ বাবে অন্যৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰাটো অত্যন্ত বিপজ্জনক আৰু ক্ষতিকাৰক। যিহেতুকে ইয়াৰ ফলত ব্যক্তিগৰাকীয়ে সঠিক চিকিৎসাৰ পৰা নিজকে বঞ্চিত কৰাৰ লেখীয়া হয়, সেয়েহে বাতবিষৰ উপসর্গ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটোৱেই মংগল। বিভিন্ন ধৰণৰ বাত ব্যাধিৰ বিষয়ে সৰ্বসাধাৰণে ভালদেৰ অৱগত হোৱা দৰকাৰ- যাতে চিকিৎসাৰ প্ৰক্ৰিয়াটোত আক্রান্ত ব্যক্তিগৰাকীয়ে চিকিৎসকৰ সৈতে সহযোগিতা আগবঢ়াব পাৰে।

আস্থসন্ধিত প্রদাহজনিত বাত (Osteo Arthritis)

সর্বাধিক সংখ্যক লোক এইবিধ ৰোগত আক্রান্ত হয়। উজু ভাষাত সেয়েহে ইয়াক ‘বার্ধক্যজনিত ৰোগ’ বুলি আখ্যা দিব পাৰি। এই ৰোগৰ কাৰণ কি ? সুস্থ আৰু স্বাভাৱিক অস্থিসন্ধি বা গাঁঠিত এডোখৰ মসৃণ তথা কোমল ধৰণৰ তৰুণাস্থি বা উপাস্থি থাকে আৰু ইয়াকে ‘কার্টিলেজ’ (Cartiloge) বোলে। এই উপাস্থিটোৱে অস্থিবোৰৰ মিলনস্থল বা সন্ধিস্থল বা হাড়ৰ জোৰাবোৰ আবৃত কৰি ৰাখে আৰু হাড়বোৰক পৰস্পৰৰ মাজত লৰচৰ কৰিবলৈ সুবিধা কৰি দিয়ে। বিভিন্ন অস্থিবোৰক এই উপাস্থিবোৰে নমনীয় কৰি ৰাখে। এই উপাস্থিবোৰ ক্ষয় গ’লে অস্থিসন্ধিবোৰ লৰচৰ কৰিলে যন্ত্রণাদায়ক হৈ উঠে। অস্থিৰ প্ৰান্তবোৰ বাঢ়ি যাব পাৰে আৰু অস্থিৰ সন্ধিবন্ধনী (Ligament) আৰু শ্লৈষ্মিক আৱৰণী (Membrane) স্থূল আৰু টান হৈ উঠিব পাৰে। ইয়াৰ ফলত অস্থিসন্ধিৰ আকৃতি আৰু গঠনৰ পৰিৱৰ্তন ঘটি বাতজনিত যন্ত্ৰণাৰ প্ৰতিক্ৰিয়াস্বৰূপে সক্রিয় নিকটৱৰ্তী পেশীবোৰ সংকুচিত হৈ যাব পাৰে। পেশীবোৰ দুৰ্বল হৈ যোৱাৰ ফলত গাঁঠি বা জোৰাবোৰৰ গতিবিধি (Range of Movement) সীমিত হৈ পৰে।

যদিও এই ‘অষ্ট্ৰিঅ’ আথ্রাইটিছ’ নামৰ ৰোগবিধৰ শৰীৰৰ যিকোনো গাঁঠিয়েই আক্রমণ কৰিব পাৰে তথাপি দেহৰ ওজনবাহী জোৰাবোৰৰ (আঁঠু, নিতম্ব আৰু কাটিদেশৰ মেৰুদণ্ড) বেছিকৈ হোৱা দেখা যায়। ইয়াৰ বাদে আঙুলিৰ সন্ধি, হাত আৰু ভৰিৰ বুঢ়া আঙুলিবোৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি দেখা যায়।

ৰোগবিধক প্ৰাথমিক আৰু গৌণ (primary and Secondary) এই দুটা ভাগত ভাগ কৰা হৈছে। ইয়াৰে প্রথমবিধ কোনো কাৰণবিহীনভাৱেই মানৱ শৰীৰত দেখা দিয়ে। দ্বিতীয়বিধ বিভিন্ন কাৰণৱশতঃ হ’লেও ঘাইকৈ কোনো জোৰাৰ ওপৰত অত্যধিক চাপ পৰা হেতুকেই এই ব্যাধিৰ প্ৰকোপ আৰম্ভ হয়। প্রাথমিক ব্যাধিবিধ ঘাইকৈ মহিলাসকলৰ মাজত বেছিকৈ হয় আৰু বহু সময়ত বংশগত কাৰকে ৰোগ সৃষ্টিত মুখ্য ভূমিকা গ্ৰহণ কৰে। কেতিয়াবা অতি কম বয়সতে (ত্ৰিশৰ দেওনা অতিক্ৰম কৰাৰ পাছতেই) আৰু সাধাৰণতে চল্লিশোর্ধ বয়সৰ ব্যক্তিসকলৰ মাজত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। বিশেষজ্ঞসকলে অদ্যপি এই ৰোগৰ কাৰণ সম্বন্ধে কোনো সুস্পষ্ট ব্যাখ্যা আগবঢ়াব পৰা নাই। এই ৰোগ সৃষ্টিত বহুতো কাৰকে উমৈহীয়া ভূমিকা পালন কৰে বুলি ভবা হৈছে। স্বাভাৱিক বার্ধক্যজনিত কাৰকৰ বিষয়ে নকলোৱেই যেনিবা। পেছা আৰু জীৱন ধাৰণৰ ধাৰা বা পদ্ধতিৰ লগত এই ব্যাধিৰ কিবা সংযোগ আছে নেকি ? বিশেষজ্ঞসকলে মতপোষণ কৰে যে কোনো সন্ধি বা জোৰাৰ ওপৰত একেলেথাৰিয়ে ক্রমাগতভাৱে চাপ পৰিলে এই ৰোগবিধ সেই গাঁঠিত হ’ব পাৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে যিসকল ব্যক্তিয়ে কাৰ্যালয়ৰ চকীত বহি হিচাপৰক্ষকৰ কাম কৰে তেওঁলোকৰ তুলনাত মালবস্তু বোজাই কৰা শ্ৰমিকসকলৰ এই ৰোগত আক্রান্ত হোৱাৰ আশংকা বেছি। অনুৰূপ ধৰণে দবা খেলুৱৈসকলৰ তুলনাত ফুটবল খেলুৱৈসকলৰ আঁঠুত এই ৰোগ হোৱাৰ সম্ভাৱনা বহু বেছি।

বাৰ্ধক্যৰ ৰোগঃ অষ্ট্ৰিঅ’ আর্থ্রাইটিছ

‘অষ্ঠীবৎ’ বোলা শব্দটো আমাৰ সচেতন পঢ়ুৱৈসকলৰ ভিতৰত মাথোঁ নগণ্য কেইজনমানেহে শুনিছে বা জানে বুলি লেখক হিচাপে মই ন-দি ক’ব পাৰোহঁক। সংস্কৃত শব্দ ‘অষ্ঠীবতৰ’ পৰা উদ্ভৱ হৈছে অসমীয়া শব্দ আঁঠু। আঁঠু মানে কি সেইটো নিশ্চয় এজন মুর্খকো বুজোৱাৰ দৰকাৰ নাই। ইয়াৰ অভিধানগত অৰ্থটো হৈছে ‘উৰু আৰু ভৰিৰ মাজৰ সন্ধি’। ইংৰাজী অভিধানত ইয়াৰ অৰ্থ আৰু বেছি সুস্পষ্ট হৈ আছে— Joint between the thigh and the lower part of leg in man.’ ইংৰাজী ভাষাৰ চিকিৎসা বিষয়ক অভিধানত ইয়াৰ অৰ্থ এনেদৰে বুজোৱা হৈছে— ‘The hinge joint formed by the lower end of the femur and the head of the tibia.’ অৰ্থাৎ উৰু অস্থিৰ নিম্নপ্রাপ্ত আৰু জংঘাস্থিৰ ওপৰৰ প্ৰান্তৰ মিলনস্থলত কব্জাৰ লেখীয়াকৈ যি সন্ধি গঠিত হৈছে তাকেই আঁঠু বোলে।

এইখিনিতে এষাৰ কথা উল্লেখ কৰাটো ভাল হ’ব। উৰুৰ আভিধানিক অৰ্থ হৈছে মানৱ দেহৰ কৰঙৰ পৰা আঁঠুলৈকে থকা অংশ। জংঘা শব্দৰ অৰ্থৰ হৈছে আঁঠুৰ পৰা গোৰোহালৈকে থকা অংশ।’ গতিকে প্ৰকৃততে ক’বলৈ গ’লে আঠু হৈছে কব্জাৰ লেখীয়া এক সন্ধি। কপাটৰ কব্জাই যি ধৰণে কাম কৰে, মানুহৰ কান্ধ আৰু আঁঠু দুটাই অনুৰূপভাৱেই কাম কৰে। যি দুটা সন্ধিত বাত আৰু ভৰিৰ ঊর্ধ্বংশ আৰু নিম্নাংশ সংলগ্ন হয়, তেনেবোৰ সন্ধিৰ গাঁথনি তেনেই সৰল। এনে ধৰণৰ গাঁথনিৰ বাবেই এই সন্ধিসমূহ দুৱাৰৰ কপাটৰ লেখীয়াকৈ মাথোঁ এটা দিশতহে খোলা মেলা কৰিব পাৰি। অৰ্থাৎ এইবোৰ সন্ধি কোনো পার্শ্বৱৰ্তী দিশত লৰচৰ কৰিব নোৱাৰি। তথাপিও দুৱাৰৰ কপাটৰ লেখীয়াকৈ আঁঠু আৰু কান্ধ দুটাই ভালেখিনি অত্যাচাৰ সহিবলগীয়া হয়— তুলনামূলকভাৱে আঁঠুৰ ক্ষেত্ৰত বেছি।

মানুহৰ শৰীৰত ছয় ধৰণৰ সন্ধি থাকে আৰু মুঠ সন্ধিৰ সংখ্যা হৈছে ১৮৭টা। এই আটাইবোৰ সন্ধিৰ ভিতৰত আঁঠুটোৱেই আটাইতকৈ বেছি অত্যাচাৰ সহিবলগীয়া হয়। আঁঠুৰ ওপৰত আঘাত পৰে আটাইতকৈ বেছি। সেয়েহে আঁঠুৱেই আটাইতকৈ বেছি আক্রান্ত হয়। বয়সৰ লগে লগে আঁঠুৰ ক্ষয় হোৱা তেনেই স্বাভাৱিক কথা। তদুপৰি এজন মানুহ বেছিকৈ সক্রিয় হ’লে আঁঠুৰ ব্যৱহাৰ বেছি হয়। অর্থাৎ উঠা-বহা, দৌৰা-ঢপৰা আদি বিভিন্ন ধৰণৰ কাম-কাজত আঁঠুৰ ব্যৱহাৰ বেছি হয় আৰু ‘এক্টিভিটি’ বাঢ়ি যায়।

প্ৰকৃততে এনেধৰণৰ কাম-কাজ কৰিবলৈ মানুহৰ আঁঠু দুটা তৈয়াৰ হোৱা নাই। মানুহৰ আঁঠুৰ ডিজাইন এনেকুৱা নহয় যে ই সকলো ধৰণৰ চাপ সহ্য কৰিব পাৰে। মানুহে আঁঠুৰ ওপৰত নিত্য নতুন চাহিদাৰ বোজা দিছে আৰু সেই বোজা বহন কৰিবলৈ গৈ আঁঠু দুটাৰ নানা ক্ষয় ক্ষতি হ’ব পাৰে। জেম্‌ছ এম ফক্স নামৰ এজন আমেৰিকান বিশেষজ্ঞই এই সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে— ‘It is without Question, illsuited for the jobs we ask it to do. It was not designed for soccer, football, automobile accidents being a plumber or a carpenter and kneeling all day long, It was well designed originally but there was no way to anicipate all the things we woule end up asking it to do.’

ইয়াৰ উপৰি আৰু এক ধৰণে মানুহে আঁঠুৰ অপব্যৱহাৰ কৰিছে, মেদবহুলতাত আক্ৰান্ত হৈ। এটা কথা আচৰিত হ’লেও আজিৰ তাৰিখত সত্য যে বিশ্বত জীর্ণ-শীর্ণ মানুহৰ তুলনাত শকত আৱত মানুহৰ সংখ্যা বেছি। বিগত ২০০৬ চনৰ শেষৰ পিনে ব্ৰিছবেনৰ সমীপৱৰ্তী গোল্ড কোষ্ট হস্পিতালত (য’ত কৰ্মৰত হৈ থকা ভাৰতীয় চিকিৎসক ডাঃ হানিফক সন্ত্ৰাসাবদীৰ সৈতে জড়িত হৈ থকা বুলি আজি কিছুদিনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰি পাছত অভিযোগ মিছা বুলি প্রমাণিত হোৱাত মুকলি কৰি দিয়া হৈছিল) অনুষ্ঠিত ইণ্টাৰনেচনেল এছ’চিয়েচন অব এগ্রিকালচাৰেল ইক’নমিক্স’ৰ বাৰ্ষিক অধিৱেশনত বেৰি পপকিন নামৰ এজন আমেৰিকান অধ্যাপকে এনেদৰে মন্তব্য কৰিছিল— The world now has more over weight people than hungry ones. There are more than a Billion over weight people in the world and 800 million who are undernorihed.

বিশ্বৰ সৰ্বমুঠ জনসংখ্যা বর্তমানে আনুমানিকভাৱে ৭০০ কোটি। ইয়াৰে ভিতৰত শকত-আৱত মানুহৰ জনসংখ্যা ১০০ কোটি, ক্ষীণাংগ দেহী মানুহৰ সংখ্যা ৮০ কোটি আৰু বাকীখিনি মানুহৰ বৰ বেছি শকতো নহয় বা ক্ষীণো নহয় অর্থাৎ সামগ্রিকভাৱে স্বাভাৱিক। এই এশ কোটি শকত আৱত মানুহ আকৌ বিশ্বৰ বিভিন্ন ঠাইত সমানভাৱে বিয়পি থকা নাই। অর্থাৎ স্থানভেদে মেদবহুলতাত আক্রান্ত ব্যক্তিৰ সংখ্যাৰ বিভিন্নতা আছে। অধ্যাপক পপকিনে এই সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে – আজি বিশ্বৰ সর্বত্রে কম-বেছি মাত্ৰাত মেদবহুলতাত আক্রান্ত ব্যক্তি দেখা যায়। যদিও অপুষ্টিত আক্ৰান্ত হৈ ক্ষীণাংগ দেহী মানুহ বিশ্বৰ কিছুমান দুখীয়া দেশত আৰু কেতবোৰ জনগোষ্ঠীৰ মাজত বেছিকৈ দেখা যায়, তথাপি পূৰ্বৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত সমস্যা বুলি ক’ব নোৱাৰি। ভাৰততো নিঃসন্দেহে মেদবহুলতাত আক্রান্ত ব্যক্তিৰ সংখ্যা বাঢ়িছে আৰু আনুষংগিকভাৱে বাঢ়িছে আঁঠুৰ সমস্যা। আঁঠুৰ সমস্যাৰ এটি ডাঙৰ কাৰণ হৈছে শৰীৰৰ বর্ধিত ওজন। অর্থাৎ এজন মানুহৰ দৈহিক ওজন যদিহে ইপ্সিত বা বাঞ্ছিত ওজনতকৈ দহ পাউণ্ড বেছি হয় তেনেহ’লে তেওঁৰ আঁঠু দুটাই ষাঠি পাউণ্ড ওজন বেছিকৈ বহন কৰিবলগীয়া হয় আৰু ফলত আঁঠুৰ অষ্ট্ৰিঅ’ আর্থ্রাইটিছ হোৱাৰ আশংকা বাঢ়ি যায়।

ঘাইকৈ বার্ধক্যজনিত অবক্ষয়ৰ বাবে আঁঠুত এই ৰোগ হয় । পাছে যিকোনো বয়সতে এই অসুখ হ’ব পাৰে যদিহে—

১) দৈহিক ওজন অত্যাধিক বেছি হয়।
২) আঁঠুত কোনোধৰণৰ আঘাত লাগিলে বা
৩) বাৰম্বাৰ সৰু-সুৰা ধৰণৰ আঘাত লাগিলে।

যিসকলে নিয়মীয়াকৈ গধুৰ বস্তু ডঙা-মেলা কৰে তেওঁলোকে আৰু বডী কন্ট্ৰেক্ট থকা খেলা-ধূলা কৰা ব্যক্তিসকলে (হকী, কুস্তি, কাবাডী, ফুটবল আদি) আঁঠুত অত্যন্ত চাপ সহিবলগীয়া হয় আৰু সেয়েহে আঁঠু আক্রান্ত হয়। যিসকলে বেছিকৈ ছিৰি বগাবলগীয়া হয় সেইসকলেও এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ি যায়।

শৰীৰৰ বিভিন্ন সন্ধিৰ ভিতৰত অষ্ট্ৰিঅ’ আর্থ্রাইটিছ হ’লে আঁঠুটোৱেই আটাইতকৈ বেছি আক্রান্ত হয়। সমীক্ষাৰ ফলত দেখা গৈছে যে ক্ষীণাংগী নাৰীৰ তুলনাত শকত-আৱত নাৰীৰ অষ্ট্ৰিঅ’ আর্থ্রাইটিছ হোৱাৰ আশংকা চাৰিগুণে বেছি আৰু পুৰুষৰ ক্ষেত্ৰত এই আশংকা পাঁচগুণে বেছি।

হাইহিলযুক্ত জোতা পৰিধানকাৰী মহিলাসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি। গৱেষণা কৰি দেখা গৈছে যে আঢ়ৈ ইঞ্চি বা তাতোকৈ বেছি ওখ হিলৰ জোতা পিন্ধিলে শৰীৰৰ স্বাভাৱিক ভাৰসাম্য ৰখা কঠিন হৈ পৰে। এনে অৱস্থাত অনিবার্যভাৱে শৰীৰৰ ভাৰসাম্য ৰখা কৰিবলৈ গৈ আঁঠুৰ ঘিলা বা উৰুৰ অস্থিত অত্যাধিক চাপ পৰে আৰু ফলত আঁঠু ক্ষতিগ্রস্ত হয়। আঁঠুৰ বিষ হ’লেই যে সেয়া অষ্ট্ৰিঅ’ আথ্ৰাইটিছৰ বাবেই হৈছে, সেইটো কেতিয়াও সত্য নহয়। সেইবাবেই ৰোগ নির্ণয় কৰা অতিকৈ দৰকাৰ।

কোনো এজন ৰোগীৰ আঁঠুত যদিহে বিষ বা যন্ত্ৰণা আৰম্ভ হৈছে তেনেহ’লে সেই উপসৰ্গৰ কাৰণ নিৰ্ণয় কৰিবলৈ অভিজ্ঞ চিকিৎসক একোজনে কেতবোৰ পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হয়।

আঁঠুত অষ্ট্ৰিঅ’ আর্থ্রাইটিছ হ’লে প্রথমে সামান্য ধৰণৰ বিষ অনুভূত হয় আৰু পাছত ক্রমান্বয়ে বিষৰ মাত্ৰা বাঢ়িবলৈ ধৰে আৰু ফলত আঁঠু দুটা ফুলি উঠা দেখা যায়। ইয়াৰ ফলত আঁঠু দুটা লৰচৰ কৰিবলৈ বা চিৰি বগাবলৈ অসুবিধা হয়। আঁঠুত এক অদ্ভুত ধৰণৰ অস্বস্তি অনুভৱ হয়। আঁঠুত সৰু সৰু হাড়ৰ লেখীয়া গাঁথনি (Bone-like structure) জমা হয়। ফলত আঁঠু দুটা পাছফালে টানি ধৰে। বিষৰ ভয়তে বহুতে আঁঠু দুটা লৰচৰ নকৰাকৈ ৰাখে আৰু ফলত ওচৰে-পাঁজৰে থকা মাংসপেশী শুকাই যায়। এই অসুখত আক্রান্ত হ’লে ভৰি আৰু আঁঠুৰ জোৰ ভালেখিনি কমি যায়। বহুতে আঁঠু পোন কৰিয়েই বহে বা ভালকৈ শুব নোৱাৰে– অত্যন্ত বিষ অনুভৱ হয়। জন্মগত বা আঘাতজনিত কাৰকৰ বাবে কাৰোবাৰ আঁঠু বেঁকা হ’লেও আঁঠুৰ অষ্ট্ৰিঅ’ আর্থ্রাইটিছ হ’ব পাৰে। এনে ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ দ্বাৰা সুফল লাভ কৰিব পাৰি।

আঁঠুত এই ৰোগ হৈছেনে নাই সেইটো জনাৰ উদ্দেশ্যে আঁঠুৰ বিষ হ’লে আৰু সেই বিষ কিছুদিনৰ বাবে স্থায়ী হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। বিষনাশক দৰবো চিকিৎসকৰ পৰামৰ্শক্ৰমেহে খাব লাগে। কাৰণ এনেবোৰ দৰবৰ ভালেখিনি পার্শ্ব প্রতিক্রিয়া আছে। এই ৰোগ দীর্ঘকালীন হ’লে ৰোগীৰ কষ্ট বাঢ়ি যায় আৰু অত্যন্ত অসুবিধা অনুভৱ হয়। গতিকে যি ধৰণৰ পৰিশ্ৰমৰ ফলত যন্ত্রণা বাঢ়ে তেনে ধৰণৰ পৰিশ্ৰম নকৰাই ভাল। আঁঠুৰ ওচৰে-পাঁজৰে থকা মাংসপেশী শুকাই যোৱা যেন হ’লে, নি কেপ বা অন্য ধৰণৰ ছাপ’ৰ্ট ব্যৱহাৰ কৰিব লাগে। চলা ফিৰা কৰাৰ সময়ত যদিহে তলত ৰবৰ থকা লাঠী ব্যৱহাৰ কৰা যায় তেনেহ’লে ৰোগীৰ বাবে বৰ উপকাৰী ৷