পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ওদালগুৰি জিলা ডীমাকুছিৰ টেংকিবস্তি গাৱত

পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ওদালগুৰি জিলা ডীমাকুছিৰ টেংকিবস্তি গাৱত

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা-   নগদ ১২’০০০ টকা ধনসহ বহু মূল্যবান সামসগ্ৰী ভাঙি চিঙি তহিলং কৰিলে বন্যহস্তীয়ে। বিটিআৰ ওদালগুৰি জিলাৰ ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেংকী বস্তী গাৱত আজি পুৱা পুনৰ বন্যহস্তীয়ে উপদ্ৰৱ চলাই ঘৰ দুৱাৰ ভাঙি চিঙি চুৰমাৰ কৰি বিস্তৰ ক্ষতি সাধন কৰে এটা দুখীয়া পৰিয়ালৰ। “উল্লেখ্য যে বিটিআৰ ওদালগুৰি জিলাৰ ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ এটা জলন্ত সমস্যা হাতী মানুহৰ সংঘাত, ননৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত বৰঙাজুলি ভূটীয়াচাং বামনজলী টেংকি বস্তী পানেৰি ছাগলীঝাৰ আদি জনবসতী ঠাই বোৰত খাদ্যৰ সন্ধান বিছাৰীয়ে বন্যহস্তীয়ে অনায়াসে চলাই আহিছে তান্দৱ। যাৰ পৰিপেক্ষিতত আজি পুনৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেংকি বস্তী গাৱত বাস কৰা এটা দুখীয়া পৰিয়ালত বন্য হস্তিয়ে উপদ্ৰৱ চলাই বহু মূল্যবান সামগ্ৰী ভাঙি চিঙি চুৰমাৰ কৰি পৰিয়লটোৰ বিস্তৰ ক্ষতি সাধন কৰে।