হে গুৰু প্ৰণামো তোমাক – ইভা গন্ধীয়া ফুকন

হে গুৰু প্ৰণামো তোমাক

ইভা গন্ধীয়া ফুকন

হে গুৰু আজি
কিহেৰে পূজিম তোমাক
ভক্তি প্ৰদীপেৰে মণিকূট শুৱনি কৰি
তুমিয়ে দিলা ধৰ্ম জ্ঞান
তুমিয়ে দিলা ভক্তি দান
বৰদোৱা স্থানে জনম লভিলা
মধ্য যুগতে
দুৰ্গম পথক সুগম কৰি
বহু হেঙাৰ অতিক্ৰমী
হৰি ভকতিৰ বাণী জগতত বিলালা
তোমৰ ধৰ্ম জ্ঞানেৰে জগত জিনিলা
এক শৰণ নাম ধৰ্ম কৰিলা প্ৰচাৰ
কোমল বয়সতে
আ কাৰ ই কাৰ বিহীন
অপূৰ্ব কবিতা সৃষ্টিৰে দিলা জ্ঞানৰ চিনাকি
ভাওনা,বৰগীত তোমাৰে সৃষ্টি
জাতি ভেদ নাৰাখি পুতিলা ধৰ্মৰ খুটি
কীৰ্তন দশম গুণমালা তোমাৰে দান
হেলা নকৰি ভক্তগণ লোৱা শাস্ত্ৰ তত্ত্ব জ্ঞান
সত্ৰ নামঘৰ আজি মুখৰিত
তোমাৰে গুণ নাম
তুমিয়ে জগত গুৰু শ্ৰীমন্ত শংকৰ
আজি তিৰোভাৱ তিথিত
তোমাৰ শ্ৰী চৰণত এগছি ভক্তি প্ৰদীপেৰে
জনালোঁ সেৱা
জয় জগত গুৰু শ্ৰীমন্ত শংকৰ