ড০ অপৰ্ণা বুজৰবৰুৱাৰ শিশুৰ বাবে জ্ঞান-বিজ্ঞানৰ গ্ৰন্থ ‘হাইকু’ৰ উন্মোচন

ড০ অপৰ্ণা বুজৰবৰুৱাৰ শিশুৰ বাবে জ্ঞান-বিজ্ঞানৰ গ্ৰন্থ ‘হাইকু’ৰ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান খেলপথাৰত অনুষ্ঠিত হৈ থকা ‘অসম গ্ৰন্থমেলা’ৰ উপেন্দ্ৰনাথ শৰ্মা সভাঘৰত অলপতে ড০ অপৰ্ণা বুজৰবৰুৱাৰ শিশু উপযোগী সচিত্ৰ আৰু বৃহৎ কলেবৰৰ গ্ৰন্থ “শিশুৰ বাবে জ্ঞান-বিজ্ঞানৰ হাইকু’ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি-সাহিত্যক ড০ হৰেকৃষ্ণ ডেকাই। ড০ পৰিণীতা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ তথা বিজ্ঞানী ড০ বাৰীন্দ্ৰ কুমাৰ শৰ্মা, শিক্ষাবিদ-সাহিত্যিক নৰেন্দ্ৰ মোহন গোস্বামী, গীতিকাৰ কীৰ্তি কমল ভূঞা, শিক্ষাবিদ সব্যসাচী সৰকাৰ আদি ব্যক্তিসকল। উন্মোচনী ভাষণত হৰেকৃষ্ণ ডেকাই হাইকুৰ জৰিয়তে অতি সহজ ভাষাত শিশু উপযোগী  বিষয় সৰলভাৱে আৰু সুন্দৰকৈ প্ৰকাশ কৰাৰ বাবে লেখিকাক ভূয়সী প্ৰশংসা কৰে। গাম্ভিৰ্যপূৰ্ণ  অনুষ্ঠানটোত ৮০ গৰকীৰো অধিক ব্যক্তি উপস্থিত থাকে। অসমীয়াৰ উপৰিও এই গ্ৰন্থখন বাংলা, হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছে।