ইস্কনৰ সংবাদ মেল
৭ জুলাইত ৰথ যাত্ৰা মহোৎসৱ
ৰঙিলী বাৰ্ত্তাসেৱা- ইস্কন গুৱাহাটীয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে সাংবাদিকক জানিবলৈ দি কয় যে বিগত ২৩ বছৰ ধৰি গুৱাহাটী চহৰত তেওঁলোকে গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ উদযাপন কৰি আহিছে। এই যাত্ৰাত বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো সম্প্ৰদায় আৰু জন গোষ্ঠীৰ লোক সকলে অংশগ্ৰহণ কৰি এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। আৰু এই বেলিও গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ ২০২৪ অনুষ্ঠিত কৰিব অহা ইং ৭ জুলাই ২০২৪ তাৰিখ দেওবাৰে। মূল কাৰ্য্যসূচী উদ্ধোধনী হ’ব হোটেল গে’টৱে গ্ৰেণ্ডইউৰ বিপৰীতে শ্ৰী নগৰ ট্ৰেফিক পইন্টত। আৰু এই শোভাযাত্ৰা জি এছ ৰোড, গণেশগুৰি আৰু ডঃ আৰ পি ৰোড, লাষ্টগেট, চাৰ্ভে, বেলতলা তিনিআলি, বশিষ্ঠ চাৰিআলি,৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ আৰু ত্ৰিপুৰা ৰোড হৈ গৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগনত অন্ত পাৰিব। উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি শ্ৰী সূৰ্য্যকান্ত হাজৰিকা, গুৱাহাটী আই আই টিৰ অধ্যক্ষ শ্ৰী দেবেন্দ্ৰ জালিহাল, এন কে টি ভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, নৰ্থ ইষ্টাৰ্ণ ৰিজীৱনৰ অধ্যক্ষ বজৰংগ লোহিয়া, গায়ক দিপলীনা ডেকা আদি লোকে। উক্ত সংবাদ মেলত আউনীআঁতি বিশ্ব বিদ্যালয় গুৱাহাটী চৌহদৰ সঞ্চালক ডঃ নৃপাংগ শইকীয়া, বিশিষ্ট ভক্ত মায়াপুৰ ইস্কনৰ মনি গোপাল দাস, ইস্কন গুৱাহাটীৰ সুদৰ্শন দাস আৰু অভিযন্তা তথা ভক্ত ইস্কন গুৱাহাটীৰ গজেন্দ্ৰ খাউণ্ডৰ লগতে কেইবাজনো লোক উপস্থিত থাকে৷