দৰঙত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

দৰঙত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত যোৱাকালি অনুষ্ঠিত এখন সভাত জিলাখনত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপন উপলক্ষে পুৱা দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ পৰা সন্ধিয়াৰ বন্তি প্ৰজ্বলনলৈকে সমূহ কাৰ্যসূচীৰ সফল ৰূপায়নৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনকল্যাণ বিষয়ক সজাগতামূলক কাৰ্যসূচী গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।প্ৰাপ্ত তথ্য অনুসৰি নৱপ্ৰজন্মক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি সুনাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখ্য যে জিলা প্ৰশাসনৰ আহ্বানক্ৰমে সভাত উপস্থিত থকা বিশিষ্ট নাগৰিক, মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি আদিয়ে আগন্তুক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ আগবঢ়ায়।