24 ঘণ্টাত 3.3 লাখ লোকক ভেকচিন প্ৰদান অসমত: মন্ত্ৰী কেশৱ মহন্তৰ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন

24 ঘণ্টাত 3.3 লাখ লোকক ভেকচিন প্ৰদান অসমত: মন্ত্ৰী কেশৱ মহন্তৰ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন

অনলাইন বার্তাসেৱা: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰথম দিনাই অসমে অভিলেখ সংখ‍্যক 3.30লাখ লোকক প্ৰতিষেধক দিবলৈ সক্ষম হয়। নিশা আঠ বজা পৰ্যন্ত এই ভেকচিন অভিযান চলি থাকে বুলি তথ্য সদৰি কৰা হৈছে। এক বিবৃতি যোগে মন্ত্ৰী কেশৱ মহন্ত দেবে এই অভিযানত জড়িত বিষয়া, কৰ্মচাৰী, চিকিৎসক, আশাকর্মী, আৰক্ষী, স্বেচ্ছাসেৱক,শিক্ষক সকলোকে এই ব্যাপক প্ৰতিষেধক অভিযানৰ প্ৰথম দিনটো সফল কৰি তোলাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।