ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ কিৰন পোলার্ডৰ বিশ্বাভিলেখ

Pc- Sportskeeda

ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ কিৰন পোলার্ডৰ বিশ্বাভিলেখ

অনলাইন বাৰ্ত্তাসেৱা- ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ কিৰন পোলার্ডে এক বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। পোলার্ডে টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰান আৰু ৩০০ উইকেট দখল কৰি বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈৰূপে অভিলেখ গঢ়িলে। অলৰাউণ্ডাৰগৰাকীয়ে ৫৬৫খন মেচত এই অভিলেখটো স্থাপন কৰিবলৈ সক্ষম হয়। টি-২০ত ৩০০ উইকেট দখল কৰাৰ লগতে ৩৪ বছৰীয়া পোলার্ডে ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈৰূপে গৌৰৱ অৰ্জন কৰিছে।