ৰুদ্ৰপ্ৰয়াগৰ নাহৰ – ফুটুকী আৰু মোৰ অনুভৱ- অঞ্জুমণি শইকীয়া

pc. Jamuna Television

ৰুদ্ৰপ্ৰয়াগৰ নাহৰ – ফুটুকী আৰু মোৰ অনুভৱ

(গ্ৰন্থ — ৰুদ্ৰপ্ৰয়াগৰ নাহৰ – ফুটুকী
মূল লেখক — জিম কৰবেট
অনুবাদ — বিৰাজ চৌধুৰী
প্ৰকাশক — অনন্ত হাজৰিকা
বনলতা
পাণবজাৰ , গুৱাহাটী – ১
মূল্য –৯০ টকা মাত্ৰ ৷)

ৰুদ্ৰপ্ৰয়াগৰ গাঢ়োৱালৰ পাঁচশ বৰ্গমাইলৰ এক বিস্তৃত পাহাৰীয়া অঞ্চলত ১৯১৮ চনৰ পৰা ১৯২৬ চনলৈকে ( ৮ বছৰ ) এই নৰখাদক নাহৰ – ফুটুকীটোৱে বহুত মানুহক হত্যা কৰিছিল ৷

১৯২৫ চনত নাইনিতালৰ চালে ( Chalet ) থিয়েটাৰৰ গিলবাৰ্ট আৰু চালিভানৰ “ ইয়োমেন অব দি গাৰ্ড ’’ নামৰ চিনেমাখন চোৱাৰ সময়তেই ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক নাহৰ – ফুটুকীটোৰ বিষয়ে জিম কৰবেটে প্ৰথম সঠিক খবৰ পায় ৷ তেতিয়ালৈ এই নাহৰ – ফুটুকীটো এশ বিশটাতকৈও অধিক নৰহত্যাৰ বাবে কুখ্যাত হৈছিল ৷

ছাৰ উইলিয়াম ইব্ ট্ চন , যুক্ত প্ৰদেশৰ গভৰ্ণৰৰ ভূতপূৰ্ব উপদেষ্টা , গাঢ়োৱালৰ ডেপুটি কমিচনাৰ হৈ তেওঁৰ জিলাৰ অধিবাসীসকলক নৰখাদকটোৰ হাতৰ পৰা মুক্ত কৰিবলৈ জিম কৰবেটক চিঠি দি মাতে ৷ সেই সময়ত এই নৰখাদকটোৱে সৃষ্টি কৰা ভয়াবহ পৰিবেশৰ কথা গোটেই পৃথিৱীৰ বাতৰি কাকতত এক অভূতপূৰ্ব আলোড়ন তুলিছিল ৷

জিম কৰবেটে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এই নৰখাদকটোক মাৰিবলৈ দিনে – ৰাতিয়ে জঙ্ঘলত ঘূৰিছিল ৷ এনেকৈ ঘূৰোঁতে কেতিয়াবা নৰখাদটোৱে জিম কৰবেটক মনে মনে অনুসৰণ কৰিছিল ৷ কিন্তু , অধিক সতৰ্ক হৈ থকাৰ বাবে তেওঁক নৰখাদকটোৱে মাৰিব পৰা নাছিল ৷ ১৯২৬ চনৰ ২ মে’ ৰ দিনা জিম কৰবেটে ৰুদ্ৰপ্ৰয়াগৰ নাহৰ – ফুটুকীটোক গুলীয়াই মাৰে ৷ নৰখাদক নাহৰ – ফুটুকীটোৰ শেষ মানুহ চিকাৰ আছিল ১৯২৬ চনৰ ১৪ এপ্ৰিল ৷ সেই দিনটোত নাহৰ – ফুটুকীটোৱে এটি বাৰ বছৰীয়া ল’ৰাক আবেলি ঘৰৰ চোতালৰ পৰাই কামুৰি লৈ গৈছিল ৷

কল্পনা যেন লগা এক লোমহৰ্ষক সঁচা কাহিনীৰ গ্ৰন্থখন বাৰে বাৰে পঢ়িছো যদিও হেঁপাহ নপলায় ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷