ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এম কৰুণানিধিৰ প্ৰতিকৃতি উন্মোচন কৰে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এম কৰুণানিধিৰ প্ৰতিকৃতি উন্মোচন কৰে

অনলাইন বাৰ্তাসেৱা – তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আৰু ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে চেন্নাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আদৰণী জনায়। ৰাষ্ট্ৰপতি গৰাকী ২ আগষ্টৰ পৰা ৬ আগষ্টলৈ পাঁচদিনীয়া তামিলনাডু ভ্ৰমণত থাকিব। ৰাষ্ট্ৰপতিয়ে চেন্নাই আৰু উটিৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কোবিন্দে চেন্নাইত মাদ্ৰাজ বিধান পৰিষদৰ ১০০ তম বৰ্ষৰ স্মৰণীয় অনুষ্ঠানত উপস্থিত থাকিব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ কালাইনাৰ এম কৰুণানিধিৰ প্ৰতিকৃতি উন্মোচন কৰিব।