ৰাষ্ট্ৰপতি ভৱনত ২০২০ চনৰ দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান

ৰাষ্ট্ৰপতি ভৱনত ২০২০ চনৰ দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰপতি ভৱনত ২০২০ চনৰ দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে পদ্ম সন্মান।৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২ জনক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে ২৯ গৰাকী মহিলা।১৬ জনক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে।মৰণোত্তৰভাৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ আৰু ইমৰান শ্বাহ, দুলাল মাঙ্কি, ৰমেন শৰ্মা, বীৰুৱালা ৰাভা, মংগল সিং হাজোৱাৰী, গোপীৰাম বৰগায়ন, বিজয়া চক্ৰৱতী আৰু লখিমী বৰুৱালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়।প্ৰয়াত বিজেপি নেত্ৰী সুষমা স্বৰাজলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ সন্মান।দেশৰ তাৰকা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।মৰণোত্তৰভাৱে এছ পি বালাসুব্ৰমণিয়াম, নৰেন্দ্ৰ সিং কাপানি, বি ভি লাললৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।