ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ছোৱাত যান-জঁট সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলৰ নতুন পথ নির্দেশনা জাৰি

pc Elections in India

ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ছোৱাত যান-জঁট সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলৰ নতুন পথ নির্দেশনা জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা- ২৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অসম ভ্ৰমণ কৰিব।ৰাজ্য চৰকাৰে ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে।মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, ২৫ ফেব্রুৱাৰীত ৰাষ্ট্ৰপতিগৰাকীয়ে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি যান-বাহন আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তই সদৰী কৰে যে ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ কালছোৱাত মহানগৰীত যাতে যান-জঁট সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত যান-বাহন চলাচলৰ নতুন পথ নির্দেশনা জাৰি কৰিছে।যান-বাহন আৰক্ষীৰ নিৰ্দেশনা অনুসৰি অহা ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ আৰু ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ মহানগৰীত ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক সামগ্রী কঢ়িওৱা যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ এ টি ৰোড, এম জি ৰোড, এফ চি ৰোড, তৈয়বুল্লাহ পথ, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা সৰু-বৰ যানবাহন চলাচল কৰিব নোৱাৰিব। নামনি অসমৰ পৰা গুৱাহাটী মহানগৰীৰ মাছখোৱা আৰু পল্টনবজাৰ অভিমুখে অহা যান-বাহনসমূহ ২৫ ফেব্ৰুৱাৰীত জালুকবাৰীৰ পৰা প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে উক্ত বাহনসমূহ আই এছ বি টি অভিমুখে চলাচলৰ অনুমতি দিয়া হৈছে। একেদৰে কামাখ্যা মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলক ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৬.৩০ বজাৰ পৰা বিয়লি ২ বজালৈ কামাখ্যা ধামলৈ যোৱা মূল পথৰ বিপৰীতে পাণ্ডু মন্দিৰ ঘাটলৈ যোৱা নৱনিৰ্মিত পথেৰে যাতায়াত কৰাৰ আহ্বান জনোৱা হয়। আনহাতে ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ছোৱাত কোনো দল-সংগঠন তথা নাগৰিকে যাতে ৰাজপথ বন্ধ কৰি আন্দোলন আৰু অন্যান্য কাৰ্যসূচী গ্রহণ কৰিব নোৱাৰে তাৰ বাবেও আৰক্ষীয়ে নিষেধাজ্ঞা জাৰি কৰে। বিশেষকৈ বিমানবন্দৰৰ পৰা কামাখ্যা গেটলৈ পুৱা ১১.২০ বজাৰ পৰা দুপৰীয়া ১২.১৫লৈ কোনো কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। একেদৰে কামাখ্যা গেটৰ পৰা এম জি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড হৈ কইনাধৰা পৰ্যন্ত দুপৰীয়া ১২.৩০ বজাৰ পৰা বিয়লি ১.৪০ বজালৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে সন্ধিয়া জি এছ ৰোডত খানাপাৰাৰ পৰা ছয়মাইল পর্যন্ত আৰু পাঞ্জাবাৰী পথত সন্ধিয়া ৫ বজাৰ পৰা ৬.৪৫ বজালৈ কোনো প্রতিবাদী তথা অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব।