ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁও উন্নয়ন খণ্ডটো ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁও উন্নয়ন খণ্ডটো ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট

অমৰজিৎ ৰাভা,ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যজুৰি ছয় দফীয়া দাবী পূৰণৰ সমৰ্থনত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ ঠিকা ভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বানত ১ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰাজ্যৰ লগতে ভেৰগাঁৱতো উন্নয়ণৰ কাম স্থবিৰ হৈ পৰিছে ৷ ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও মহকুমা সদৰ স্থিত ভেৰগাঁও খণ্ড উন্নয়ণ কাৰ্যালয়ৰ চৌহদত উক্ত উন্নয়ণ খণ্ডত কৰ্মৰত এক্ৰিডিয়েটেড ইঞ্জিনিয়াৰ,কম্পিউটাৰ এছিষ্টেণ্ট, জি আৰ এছ আৰু জিপিচিৰ ৬৯ গৰাকী কৰ্মচাৰীয়ে কৰ্মবিৰতি কৰাত অঞ্চলটোত ৰূপায়ণ হৈ থকা এমজিএনৰেগা,বিধায়ক উন্নয়ণ পুঁজিৰ লগতে জনসাধাৰণৰ বিধৱা পেঞ্চন,প্ৰাপ্ত বয়স্কৰ পেঞ্চনৰ লগতে অন্যান্য উন্নয়ণৰ কাম কৰাত বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ উক্ত কাৰ্যসূচীত কৰ্মৰত কৰ্মচাৰী সকলে পুৱা দহ বজাৰ পৰা কাৰ্যালয় চলি থকা অন্ত সময়লৈ ৰূপায়ণ কৰিছে ৷ তেওঁলোকৰ ছয় দফীয়া দাবী সমূহ হৈছে-কৰ্মচাৰী সকলক ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা,সকলো কৰ্মচাৰীৰ আৰ অ পিৰ ব্যৱস্থা কৰা,সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা ,চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা,বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা তথা যোগ্যতা সম্পন্ন ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰা আৰু অমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী আদি ৷