ৰাজ্যত নতুনকৈ কৰ’নাত সংক্রমিত ৭৬৩ জন

pc Jagran

ৰাজ্যত নতুনকৈ কৰ’নাত সংক্রমিত ৭৬৩ জন

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যখনত কোভিড পজিটিভ চিনাক্ত হৈছে নতুনকৈ ৭৬৩ গৰাকী লোক। গুৱাহাটী মহানগৰীত নতুনকৈ কোভিড সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ১২৪ গৰাকী লোক। অৱশ্যে, আক্রান্ত লোকসকলৰ ভিতৰত মৃত্যু ঘটিছে পুনৰ ২০ গৰাকী লোকৰ। উল্লেখ্য যে ৰাজ্যখনত চিনাক্ত হৈছিল ৯৩৫ গৰাকী কোভিড পজিটিভ। ইয়াৰে ভিতৰত গুৱাহাটীত পজিটিভ চিনাক্ত হৈছিল ১৬৩ গৰাকী। কোভিড সংক্ৰমণৰ হাৰ নিম্নগামী হ’লেও মৃত্যুৰ সংখ্যা সামান্যভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যখনতে ১,১৫,৪৬৫ গৰাকী লোকৰ দেহত কোভিডৰ পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ভিতৰত ৭৬৩ গৰাকী লোক কোভিড পজিটিভ বুলি চিনাক্ত হৈছে।

(UD.)