ৰাজ্যত ক’ৰ’নাত পুনৰ ২৬ জনৰ মৃত্যু

pc Scroll.jpg

অনলাইন বাৰ্ত্তাসেৱা – ক’ৰ’নাই এতিয়াও পিছ এৰা নাই মানৱ জাতিক। শেষ হোৱা নাই এতিয়াও ক’ৰ’নাৰ সন্ত্ৰাস। এতিয়াও শেষ কৰিব পৰা হোৱা নাই ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা। যোৱাকালিৰ দিনটোতো ২৬ গৰাকীকৈ ৰোগীয়ে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। শিৱসাগৰত ৫ গৰাকীকৈ ৰোগীয়ে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে বৰপেটা, গোলাঘাট, কামৰূপ মহানগৰত ৩ গৰাকীকৈ, চৰাইদেউ, গোৱালপাৰা, হোজাইত ২ গৰাকীকৈ, কাছাৰ, দৰং, ডিব্ৰুগড়, যোৰহাট, মৰিগাঁও আৰু ওদালগুৰিত এগৰাকীকৈ লোকে প্ৰাণ হেৰুৱায় । আজিৰ এই সংখ্যাৰে ৰাজ্যত কৰ’না ৰোগীৰ মৃত্যুৰ সংখ্যা হ’লগৈ ৪,৭৪৩ গৰাকী। ইপিনে আজিৰ দিনটোত ১,০১,৭২৯ গৰাকী লোকৰ কোভিড-১৯ৰ পৰীক্ষা কৰাত ২,২৮৯ গৰাকীৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰে৷ ফলস্বৰূপে পজিটিভিটীৰ হাৰ হয়গৈ ২.২৫ শতাংশ৷ আজি সর্বাধিক নতুন আক্রান্ত লোক চিনাক্ত হয় গোলাঘাট জিলাত। জিলাখনৰ ২২৬ গৰাকীৰ দেহত কৰ’না ধৰা পৰাৰ বিপৰীতে লক্ষীমপুৰত ২১১, কামৰূপ মহানগৰত ১৮১ আৰু যোৰহাটত ১৫৮ গৰাকী নতুন ৰোগী চিনাক্ত হয়। নতুন কৰ’না ৰোগী চিনাক্ত হৈ থকাৰ মাজতো আজিও বিভিন্ন চিকিৎসালয়ত আৰোগ্য হৈ উঠা ৩,১৩৬ গৰাকী ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়৷ বৰ্তমান আৰোগ্যৰ সামগ্ৰিক হাৰ হ’ল ৯৪.৬৪ শতাংশ। ইফালে বর্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হ’ল ২২,০২৪ গৰাকী।