বিষাদ-মাধৱ ঘিমিৰে শর্মা,লখিমপুৰ

Pc-hopetherapy&wellnescentres

বিষাদ
চচ্ছ কিম্বা ৰঙীন গিলাচত বাকি
প্রতিদিনে পান কৰো বিষাদ
তুমিবিহীন জীৱন উৎযাপনত
মিছাতে বদনামী হয় মদ।
টোপাল টোপাল বিষাদ পাৰ হয়
ডিঙিৰ পৰা শিৰা-ধমনিলৈ
নৈৰাশ্যত মৌন হৃদয়েও
ইংৰাজীতে কয় ,”Calm down ”
পাহৰিব নোৱাৰিম বুলি জানিও
খোলা ৰাখো ৰূমৰ খিৰিকী
মলয় সমীৰে জোকাৰে আৰু
কৈ যায়, “Get well soon ”
চিগাৰেটৰ ধোঁৱাৰে আঁকো
তোমাৰ বিচিত্ৰ পর্ট্রেইট
ৰঙেৰে আঁকিব নাজানো বাবেই
চিগাৰেট বদনামী হয়।
কাবৌ কৰিছো হে পূর্বপ্রিয়তমা
তুলি দিয়া হাতত চোকা অস্ত্র
চিগাৰেট আৰু মদেই কিয়

তেজেৰেও আঁকিম –
তুমিবিহীন মোৰ উকা হৃদয়ৰ বিষাদ।
✍️মাধৱ ঘিমিৰে শর্মা।
ঠিকনা: দঙিবিল, বিহপুৰীয়া, লখিমপুৰ।