ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযানৰ ঘোষণা কৰিছে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৈছে যে দেশখনে পূৱ ইউক্ৰেইনত সামৰিক অভিযান চলাব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয়, “যদি কোনোবাই আমাৰ ভূমি, আমাৰ স্বাধীনতা, আমাৰ জীৱন, আমাৰ সন্তানৰ জীৱন কাঢ়ি নিবলৈ চেষ্টা কৰে, আমি নিজকে ৰক্ষা কৰিম।” ইয়াৰ পূৰ্বে, ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে পুটিনক “ৰাছিয়াৰ সৈন্যসকলক ইউক্ৰেইন আক্ৰমণ কৰাত বাধা দিবলৈ” কৈছিল।