ৰবীন্দ্ৰ ভৱনত আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

pc Wikipedia

ৰবীন্দ্ৰ ভৱনত আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত ফেডেৰেশ্যন অৱ ফিল্ম ছোচাইটি অৱ ইন্দিয়া,সাংস্কৃতিক সঞ্চালকালয়,অসমৰ সহযোগত আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শুভ উদ্বোধন হয়৷গুৱাহাটী চিনে ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে মঞ্চ উদ্বোধন কৰে বিশিষ্ট শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যই৷ক্লাবৰ বছৰেকীয়া মুখপাত্ৰ ’চিত্ৰ চিন্তা’ উন্মোচন কৰে আই এ এছ বিষয়া ভি বি প্যাৰিলালে৷অনুষ্ঠানত উৰিষ্যাৰ চলচ্চিত্ৰ প্ৰযোজক অশোক মহাপাত্ৰ,চলচ্চিত্ৰ প্ৰযোজক শংকৰ লাল গোৱেংকা,ক্লাবৰ উপ সভাপতি মৃগেন চন্দ্ৰ দাসে চিনে ক্লাব আৰু চলচ্চিত্ৰ মহোৎসৱৰ বিভিন্ন দিশ আলোকপাত কৰে৷তাৰ পাছতে প্ৰদীপ কুৰ্বা পৰিচালিত আৰু শংকৰ লাল গোৱেংকাৰ দ্বাৰা প্ৰযোজিত ’ইউদহ’ খাছী চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়৷এই চলচ্চিত্ৰ খনে ৬৭ সংখ্যক জাতীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ শব্দ গ্ৰহণৰ ৰাষ্ট্ৰীয় আৰু শ্ৰেষ্ঠ খাছী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল৷আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত ২৪ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় কিম জি চি অ’ক বঁটাৰে সন্মানিত হৈছিল৷উল্লেখযোগ্য,এই বঁটা লাভ কৰা ’ইউদহ’ প্ৰথম ভাৰতীয় চলচ্চিত্ৰ৷আনহাতে মহোৎসৱত জাৰ্মানী,ইৰান,শ্ৰীলংকা,টিউনিচিয়া,বাংলাদেশ,ছিংগাপুৰ,নেপাল আদি দেশৰ আৰু ভাৰতৰ মালায়ালম, উৰিয়া,বাংলা, খাছী, অসমীয়া ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব৷