গোলাঘাটৰ পাঁচ আলিত থকা ৰজাদিনীয়া শিৱমন্দিৰত মহা ধুমধামেৰে মহা শিৱৰাত্রী পালন

গোলাঘাটৰ পাঁচ আলিত থকা ৰজাদিনীয়া শিৱমন্দিৰত মহা ধুমধামেৰে মহা শিৱৰাত্রী পালন

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ পাঁচ আলিত থকা ৰজাদিনীয়া শিৱমন্দিৰত মহা ধুমধামেৰে মহা শিৱৰাত্রী পালন, হাজাৰৰো অধিক ভক্তৰ আগমন। গোলাঘাটৰ আমোলাপতিত থকা ৰজাদিনীয়া শিৱথানত শিৱ পূজা আৰু যজ্ঞ আৰম্ভ হৈছে খুব জাক-যমকতাৰে। ৰজাদিনীয়া এই মন্দিৰটো পুনৰ স্থাপন কৰে ১৯০৫ চনত। উল্লেখযোগ্য যে ইয়াক পৰিচালনাৰ বাবে এখন শক্তিশালী পৰিচালনা সমিতি আছে। প্ৰতি জনভক্তকে মন্দিৰৰ প্ৰসাদ, ভোগ বিতৰণ কৰাত ভক্ত সকলে সন্তোষ প্রকাশ কৰিছে।