ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িতৰ সন্দেহত দুই যুৱকক আটক

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িতৰ সন্দেহত দুই যুৱকক আটক

ৰঙিলী বাৰ্ত্তাসেৱা- ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িতৰ সন্দেহত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুজনক। সোধা-পোছাৰ বাবে নিশা আটক কৰিছে দুই যুৱকক। ঘটনা সংঘটিত হোৱা স্থানৰ পৰাই আটক কৰা হৈছে দুয়োজন যুৱকক। নিশাৰে পৰা সোধা-পোছা চলিছে আটকাধীন দুই যুৱকৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে বহু ক্লু লাভ কৰা হৈছে বুলি দাবী আৰক্ষীৰ।উল্লেখযোগ্য যে সোমবাৰে মহানগৰীৰ পাঞ্জাবাৰীত দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক। বাইকত অহা দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে গুলীয়াই থৈ গৈছিল লোকজনক। হাস্পতাললৈ অনাৰ পথত মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ।