ৰজনীকান্তৰ ‘অন্নথে’ৰ ৭ দিনত বিশ্বজুৰি ২০০ কোটি উপাৰ্জন 

Pc- times of india

ৰজনীকান্তৰ ‘অন্নথে’ৰ ৭ দিনত বিশ্বজুৰি ২০০ কোটি উপাৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰজনীকান্ত অভিনীত ‘অন্নথে’ দীপাৱলীত ডাঙৰ পৰ্দাত মুক্তি পাইছিল। ছবিখনে মুক্তিৰ তিনি দিনৰ ভিতৰত বিশ্বজুৰি ১০০ কোটি সংগ্ৰহ কৰিছিল। প্ৰতিবেদন অনুসৰি ৰজনীকান্তৰ তামিল চলচ্চিত্ৰ ‘অন্নথে’য়ে মুক্তিৰ সাত দিনৰ ভিতৰত বিশ্বজুৰি ২০০ কোটি উপাৰ্জন কৰিছে। চিৰুথাই শিৱৰ দ্বাৰা পৰিচালিত ‘অন্নথে’ত এজন ভাতৃ আৰু ভগ্নীৰ অনুভূতিৰ বিষয়ে কোৱা হৈছে। ছবিখনত কীৰ্তি সুৰেশে ৰজনীকান্তৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে ছবিখন চান পিকচাৰ্ছে প্ৰযোজনা কৰিছে, আৰু ইয়াত ডি ইম্মানে সংগীত ৰচনা কৰিছে।