৮৮ কোটি টকাৰ হেৰ’ইন জব্দ গুৱাহাটীত

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত জব্দ বৃহৎ পৰিমানৰ হেৰ’ইন।  গুৱাহাটী মহানগৰীৰ ছয়মাইলত এছ টি এফ (STF) আৰু আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ কৰে। ছয়মাইল এলেকাত অভিযান চলাই অভিযানকাৰী বিশেষ দলটোৱে মণিপুৰৰ পৰা সৰবৰাহ কৰা প্ৰায় ৮৮ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। প্রাপ্ত তথ্য অনুসৰি, এ পি এছ কল্যাণ পাঠকৰ নেতৃত্বত এটা বিশেষ দলে এই অভিযান চলায়। গুৱাহাটীৰ চচলস্থিত ‘ওম ৰেছিডেন্সী’ নামৰ এটা ফ্লেটত ড্ৰাগছ সৰবৰাহকাৰী এটাই বাহৰ পাতি আছিল। অভিযানকাৰী দলটোৱে ফ্লেটটোৰ এটা আলমিৰাৰ ভিতৰত সুৰক্ষিতভাৱে ৰখা ৰঙা ৰঙৰ বেগৰ পৰা ১০ কিলোগ্রাম ওজনৰ হেৰ’ইনখিনি উদ্ধাৰ কৰে। জব্দ কৰা হেৰ’ইনখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰি গুৱাহাটীলৈ অনা হৈছিল আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ৮৮ কোটি টকা বুলি জানিব পৰা গৈছে। এই বৃহৎ অভিযানৰ সময়তে আৰক্ষীয়ে পঞ্জাবৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হৰদীপ সিং নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বর্তমান গ্ৰেপ্তাৰ হোৱা হৰদীপ সিঙক জিম্মাত লৈ ব্যাপক তদন্ত অব্যাহত ৰাখিছে।