৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ বাবে কʼভিড -১৯ সম্পৰ্কত নতুন নিয়মাৱলী

pc- Office Holidays

৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ বাবে কʼভিড -১৯ সম্পৰ্কত নতুন নিয়মাৱলী

অনলাইন বাৰ্ত্তাসেৱা– অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ সময়ত মানি চলিবলগীয়া কʼভিড-১৯ ৰ নিয়মাৱলী সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে৷ সেইমৰ্মে মুকলি ঠাই বা খেলপথাৰত ৰাজ্যিক পৰ্যায়ত উদ্‌যাপন কৰিবলগীয়া অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমৱেত হʼব নোৱাৰিব৷ সেইদৰে জিলাভিত্তিত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ৫০০ আৰু মহকুমা ভিত্তিত অনুষ্ঠিত হʼবলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৩০০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব৷ উল্লেখিত স্থানসমূহৰ উপৰি অন্য স্থানত আয়োজিত অনুষ্ঠানত জনসমাগম ২০০ তকৈ অধিক হʼব নোৱাৰিব৷ বন্ধ হল, প্ৰেক্ষাগৃহ আদিৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ বা ২০০ তকৈ অধিক মানুহ উপস্থিত থাকিব নোৱাৰিব৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা ব্যক্তিযবিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত সান্ধ্য আইন আৰু যুগ্ম-অযুগ্ম নম্বৰ ব্যৱস্থা শিথিল কৰা হৈছে৷ অৱশ্যে উদ্‌যাপনৰ সময়ছোৱাত সকলোৱে কʼভিড-১৯ ৰ সকলো নিয়মাৱলী যেনে – মাস্কৰ ব্যৱহাৰ, সামাজিক দূৰত্ব, চেনিটাইজেছন আদি মানি চলাটো বাধ্যতামূলক৷