৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা শ্বহীদ প্ৰবীণ বৰাৰ নামেৰে পথৰ নামাকৰণ

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা শ্বহীদ প্ৰবীণ বৰাৰ নামেৰে পথৰ নামাকৰণ 
*********
বাৰ্ত্তাসেৱা- গোলাঘাটৰ কছাৰীহাট চিনাতলী গাঁৱৰ শ্ৰীযুতা মনু বৰা আৰু স্বৰ্গীয় খেতেকেশ্বৰ বৰাৰ জ্যেষ্ঠ পুত্ৰ প্ৰবীণ চন্দ্ৰ বৰাৰ, কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত কৰ্মৰত অৱস্থাত ১৯৮৯ চনৰ ২৮ অক্তোবৰত পাঞ্জাৱত উগ্ৰপন্থীৰ গুলীত শ্বহীদ হয়।
পলমকৈ হ’লেও, দেশৰ সুৰক্ষাৰ কাৰণে চৰম ত্যাগ কৰা শ্বহীদ প্ৰবীণ বৰাৰ সন্মান আৰু স্মৃতি ৰক্ষাৰ্থে, চিনাতলী গাঁৱৰ ধোদৰ আলি সংযোগী বোপাৰাম বৰা সংঘৰ সংঘৰ ওচৰৰ পৰা মথুৰাপুৰ গাঁৱৰ সংযোগস্থললৈকে পথছোৱা ‘ প্ৰবীণ বৰা’ পথ নামেৰে নামাকৰণ কৰিবলৈ গোলাঘাট জিলাৰ উপায়ুক্তৰ দ্বাৰা অনুমোদন জনোৱা হৈছে।
দেশৰ ৭৫ ত্বম স্বাধীনতা দিৱস ১৫ আগষ্ট ‘২০২১ ত গোলাঘাট জোনাকী নগৰত থকা চি. আৰ. পি. এফ. ৰ কামাণ্ডেন্ট মহোদয়ে ৰাইজৰ উপস্থিতিত শ্বহীদ প্ৰবীন বৰা পথটোৰ অনুষ্ঠানিক ঘোষণা কৰে আজি বিয়লি ৪ বজাত।
সেই অৰ্থে পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰে।
====================
মৃগাংক বৰুৱাৰ ৰিৰ্পট, গোলাঘাট ।