৭৫ খন ভাৰতীয় জিলাত ৭৫ টা ডিজিটেল বেংকিং গোট স্থাপন কৰা হ’ব

p.c. Free PressJournal

৭৫ খন ভাৰতীয় জিলাত ৭৫ টা ডিজিটেল বেংকিং গোট স্থাপন কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেট উপস্থাপনৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চৰকাৰে অনুসূচীত বাণিজ্যিক বেংকৰ জৰিয়তে দেশৰ ৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং গোট স্থাপন কৰিব। ইয়াৰ উদ্দেশ্য হৈছে “প্ৰতিজন নাগৰিকৰ ওচৰলৈ ডিজিটেল বেংকিং” লৈ যোৱা,” সীতাৰমণে কয়। পূৰ্বৱৰ্তী বাজেটত ঘোষণা কৰা ডিজিটেল পৰিস্থিতি তন্ত্ৰৰ বাবে বিত্তীয় সমৰ্থন ২০২২-২৩ বৰ্ষত অব্যাহত থাকিব, বিত্তমন্ত্ৰগৰাকীয়ে লগতে কয়।