৬ ৰ পৰা ৮ মাহৰ ভিতৰত ৰাজ্যত ১০০ শতাংশ বিদ্যুতীকৰণ সম্ভৱ কৰি তোলাৰ লক্ষ্য

pc The Times of India

৬ ৰ পৰা ৮ মাহৰ ভিতৰত ৰাজ্যত ১০০ শতাংশ বিদ্যুতীকৰণ সম্ভৱ কৰি তোলাৰ লক্ষ্য

অনলাইন বাৰ্ত্তাসেৱা –মন্ত্ৰী বিমল বৰাই বিভাগীয় কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্য যোৰহাট বিদ্যুৎ ভৱনত উপস্থিত হয়। তেওঁ কয় যে অসম চৰকাৰে ৬ ৰ পৰা ৮ মাহৰ ভিতৰত ৰাজ্যত ১০০ শতাংশ বিদ্যুতীকৰণ সম্ভৱ কৰি তোলাৰ লক্ষ্য স্থিৰ কৰি লৈছে। বৰ্তমান ৰাজ্যত বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ আছে প্রায় ৪.৮০ লাখ লোক। এইসকল লোকক বিদ্যুৎ যোগান ধৰাৰ লক্ষ্যৰে কেন্দ্ৰই ‘সৌভাগ্য’ নামৰ এখন আঁচনি গ্ৰহণ কৰে। এই আঁচনি অনুসৰি, বিদ্যুৎ যোগানৰ বাবে প্ৰাক্‌কলন প্রস্তুত কৰি তোলা হৈছে। আনহাতে, যিবোৰ অঞ্চললৈ অনগ্রিডযোগে (খুঁটাৰে) বিদ্যুৎ যোগান সম্ভৱপৰ নহয়, তেনেবোৰ অঞ্চলত অফ গ্রিডযোগে অর্থাৎ সৌৰশক্তি যোগানৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। আশা কৰা মতে, অহা ছয়-সাত মাহৰ ভিতৰত বিদ্যুতীকৰণৰ পৰা বাদ পৰা সকলোকে বিদ্যুৎ যোগান ধৰা সম্ভব হৈ উঠিব। এই আশা ব্যক্ত কৰি মন্ত্ৰী বৰাই কয় যে নিয়মীয়া আৰু গুণগত বিদ্যুৎ যোগান নিশ্চিত কৰিবৰ বাবেও চৰকাৰে সংকল্প গ্ৰহণ কৰিছে, সেই অনুসৰি আওপুৰণি বহু ব্যৱস্থা আধুনিকীকৰণৰ লগতে বিদ্যুৎ চুৰি ৰোধ কৰা, লোকচান হ্ৰাস কৰাৰ বাবে বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এইক্ষেত্ৰত সকলো ৰাইজকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অৱশ্যে বিদ্যুৎ বিভাগৰ সীমাবদ্ধতা আৰু কৰ্মচাৰীৰ নাটনিৰ কথা স্বীকাৰ কৰি তেওঁ কয়— চাৰি বছৰ আগলৈকে বিদ্যুৎ গ্ৰাহকৰ সংখ্যা আছিল ৪২ লাখ আৰু কৰ্মচাৰীৰ সংখ্যা আছিল ১১ হাজাৰ ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ দীনদয়ালৰ আঁচনি গ্ৰহণ কৰাৰ ফলত বর্তমান গ্ৰাহকৰ সংখ্যা ৬৪ লাখলৈ বৃদ্ধি পালে, কিন্তু কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি নহ’ল বৰং হ্রাসহে পালে। নতুন নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰা উত্তৰবহীসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মূল্যায়ন কৰি আছে, সেই মূল্যায়ন সম্পূর্ণ হ’লেই খালী থকা ১৮ হাজাৰ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি সদৰী কৰে মন্ত্ৰীজনে।

(UD.)