৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান

pc- the indian Express

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন দিল্লীত প্ৰদান কৰা হয় ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু-এ বঁটাসমূহ প্ৰদান কৰে।তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু মাৰাঠীকে ধৰি দেশৰ বিভিন্ন চলচ্চিত্ৰ উদ্যোগৰ পৰা অহা সৰ্বশ্ৰেষ্ঠ প্ৰতিভাক সন্মান জনোৱা হয়।২০১৯ বৰ্ষৰ বাবে হিন্দী শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰে চিচ’ৰেই৷ আনহাতে মণিকৰ্নিকা ছবিৰ বাবে কংগনা ৰানাৱটে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ভোজপুৰী অভিনেতা মনোজ বাজপেয়ী আৰু ধনুষ-এ।শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘মাৰাক্কাৰ- লায়ন অৱ দা আৰবিয়ান চি’-এ।