৫ বছৰত প্রতিশ্রুতি মতে দিয়া হ’ব ২ লাখ নিযুক্তিঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্য চৰকাৰে অহা ৫ বছৰত ২ লাখ পদত নিযুক্তি দিব। পুনৰ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিষয়টো সন্দর্ভত নলবাৰীত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- চৰকাৰে চেষ্টা কৰি আছে যাতে প্রতিশ্রুতি অনুসৰি নিযুক্তি দিবলৈ বিজ্ঞাপনসমূহ প্রকাশ কৰিব পৰা যায়। শেহতীয়াকৈ দেৰগাঁৱত অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলনত দুটাকৈ বেটেলিয়ন গঠনৰ সিদ্ধান্তৰ লগতে তাত নিযুক্তি প্রদানৰ কথাটোও আলোচনা হৈছে। অহা ১৩-১৪ ছেপ্টেম্বৰত জিলা আয়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনতো বিভিন্ন বিভাগত পদোন্নতি খৰতকীয়া কৰাৰ বাবে আলোচনা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়-প্রমোচন বৃদ্ধি হ’লে দলৰ পদ যথেষ্ট খালী হ’ব। বর্তমান আমি ১ লাখ ৩০ হাজাৰ খালী পদ সাজু কৰি ৰাখিছোঁ আৰু ৬৫ হাজাৰ খালী পদ মোক লাগে। ইয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ, যাতে ২ লাখ খালী পদৰ লক্ষ্য সম্পূৰ্ণ কৰিব পৰা যায়। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে পর্যায়ক্রমে নিযুক্তিসমূহ চলি থাকিব। কিয়নো একেটা বর্ষতে সকলোকে নিযুক্তি দিলে বহু যোগ্য প্রার্থী বঞ্চিত হ’ব। গতিকে অহা ৫ বছৰত মোৰ লক্ষ্য হ’ল ২ লাখৰ আশে-পাশে নিযুক্তি দিয়া। মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কার্যকালত ১.৬৪ লাখ যুৱক-যুৱতীক চৰকাৰী পদত নিযুক্তি দিয়া হৈছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ১ লাখ চৰকাৰী পদত নিযুক্তি দিয়াৰ বাবে বিজেপিয়ে দিয়া প্রতিশ্রুতি অনুসৰি মুখ্যমন্ত্রী ড° শৰ্মাৰ প্ৰথমটো কার্যকালত ১ লাখ অতিক্ৰম কৰি মুঠ ১,৬৪,৪০০টা পদত যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছিল। সর্বাধিক নিযুক্তি হৈছিল শিক্ষা আৰু গৃহ বিভাগত। একেই লক্ষ্যৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠনৰ পাছতে ২ লাখ চৰকাৰী পদত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত কৰা ঘোষণাক কাৰ্যকৰী কৰাৰ লক্ষ্যৰে কেবিনেটত এই সন্দৰ্ভত গ্ৰহণ কৰে সিদ্ধান্ত। সেইমৰ্মে মুখ্য সচিবৰ নেতৃত্বত গঠন কৰা হয় টাস্ক ফ’র্চ। এই টাস্ক ফ’র্চে যোৱা সময়ছোৱাত বিভিন্ন বিভাগত খালী হৈ থকা অথবা অহা সময়ছোৱাত খালী হ’ব পৰা পদ সন্দৰ্ভত ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে। এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্য চৰকাৰে ২০২৭চনৰ বিত্তীয় বৰ্ষৰ পৰা বিভিন্ন বিভাগৰ খালী পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
