অনলাইন বাৰ্ত্তাসেৱা- অসমত বসবাস কৰি থকা হাজং জনগোষ্ঠীক আৰ্থসামাজিক, শৈক্ষিক ৰাজনৈতিক আদিৰ দিশত সচেতনতা গঢ়ি আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি আজি ইং ২০/০৭/২০২১ তাৰিখে গুৱাহাটীৰ সেউজ নগৰত অনুষ্ঠিত এক সভাৰ যোগেদি শ্ৰীমতী পদ্মা হাজং ডাঙৰীয়ানীক সভানেত্ৰী , শ্ৰীমতী প্ৰণতি দেৱী হাজং ডাঙৰীয়ানীক উপ-সভানেত্ৰী, শ্ৰীমতী পম্পী হাজং ডাঙৰীয়ানীক সম্পাদিকা আৰু উপদেষ্টা হিচাপে শ্ৰীযুত নিশিকান্ত হাজং, শ্ৰীযুত সাগৰ কুমাৰ হাজং, শ্ৰীযুত দ্বিজেন্দ্ৰ নাথ হাজং, শ্ৰীযুত সঞ্জীৱ হাজং, শ্ৰীযুত তাৰেশ হাজঙকে ধৰি ৩১ জনীয়া সদসাৰে “হাজং মহিলা সমিতি, অসম” নামেৰে এটি সংগঠন গঠন কৰা হয়। এই সভাত শ্ৰীযুত বিদ্যা হাজং, শ্ৰীযুত পুলমানন্দ হাজং, শ্ৰীযুত গণেশ্বৰ হাজং আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় মহিলাসকল উপস্থিত থাকে।
৩১ জনীয়া সদস্যৰে “হাজং মহিলা সমিতি, অসম” নামেৰে এটি সংগঠন গঠন
