কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ‘এলিভেটেড কৰিডৰ’ নিমাৰ্ণ হ’ব- ড০ হিমন্ত বিশ্ব শৰ্মা

pc-AlightIndia

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ‘এলিভেটেড কৰিডৰ’ নিমাৰ্ণ হ’ব- ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশ আৰু বন বিভাগ তথা লোকনিমাণ[গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত জখলাবন্ধাৰ পৰা বোকাখাতলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা অংশটোত ‘এলিভেটেড কৰিডৰ’ নিমাণৰ বিষয়টো আলোচনা কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীসমূহৰ সংৰক্ষণৰ লগতে পৰ্যটন প্ৰসাৰৰ লক্ষ্যৰে ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ সৈতে আলোচনা সাপেক্ষে লোকনিমাণ [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগে এই ‘এলিভেটেড কৰিডৰ’ৰ প্ৰস্তাৱ যুগুত কৰিছে। প্ৰস্তাৱটো পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে এই কৰিডৰৰ সংৰক্ষণত অনুমোদন জনোৱাৰ লগতে প্ৰকল্পটোৰ দ্ৰুত ৰূপায়ণৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা খৰতকীয়াভাৱে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

(R.T)