৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব আজি

pc- Huffpost

৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব আজি

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ  ভোটগণনা আৰম্ভ হৈছে। ভোটগণনাৰ অন্তত পাঁচ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। ভোটগণনাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নির্বাচন আয়োগে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। ষ্ট্ৰংৰুম আৰু আৰু ভোটগণনা কেন্দ্ৰৰ মাজৰ যোগাযোগৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।প্ৰতিটো গণনাৰ স্থানত তিনি খলপীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। ক’ভিড সুৰক্ষা বিধিৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ অৰ্থে প্ৰতিটো গণনা কেন্দ্ৰত ভোটগণনা টেবুলৰ সংখ্যা সাতখন কৰা হৈছে। ভোটগণনাৰ বাবে মুঠ ১৮টা হল আৰু ১৮খন টেবুল সাজু কৰা হৈছে। পাঁচগৰাকী ৰিটার্নিং বিষয়া আৰু ২৮গৰাকী সহকাৰী ৰিটার্নিং বিষয়াই ভোটগণনা প্রক্রিয়াটো পৰিচালনা কৰিব। প্ৰতিখন ভোটগণনা টেবুলত একোজনকৈ মাইক্ৰ’ অবজাৰভাৰ থাকিব, যিসকলে প্ৰতিটো সমষ্টিৰ বাবে নিয়োগ কৰা অবজাৰভাৰসকলক পোনপটীয়াকৈ গণনাৰ তথ্য যোগান ধৰিব। নির্বাচনী ফলাফল প্রকাশৰ পাছত বিজয়ী প্রার্থীয়ে সমদল উলিওৱাটো আয়োগে সম্পূর্ণরূপে নিষিদ্ধ কৰিছে। সেইদৰে ৰিটার্নিং বিষয়াৰ পৰা প্ৰমাণ-পত্ৰ ল’বৰ বাবে জয়লাভ কৰা প্ৰাৰ্থী বা তেওঁৰ প্রতিনিধিৰ লগত মাত্র দুজন ব্যক্তিয়েহে যাব পাৰিব।