২.৩৭ লাখ কোটি এমএছপি মূল্য পোনপটীয়াকৈ ১৬৩ লাখ কৃষকলৈ স্থানান্তৰ কৰা হ’বঃ বিত্তমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বাজেট উপস্থাপন কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ২০২১-২২ বৰ্ষত শস্য সংগ্ৰহৰ বাবে এমএছপি মূল্য হিচাপে ১৬৩ লাখ কৃষকক পোনপটীয়াকৈ ২.৩৭ লাখ কোটি টকা পৰিশোধ কৰা হ’ব। প্ৰথম পৰ্যায়ত গংগা নদীৰ কাষৰ ৫ কিলোমিটাৰ বহল কৰিডৰত কৃষকৰ ভূমিৰ ওপৰত গুৰুত্ব দি সমগ্ৰ দেশতে ৰাসায়নিক মুক্ত প্ৰাকৃতিক কৃষিৰ প্ৰচাৰ কৰা হ’ব, সীতাৰমণে লগতে কয়।