২৩হেজাৰ শিক্ষক নিযুক্তিঃ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

pc-Twitter

২৩হেজাৰ শিক্ষক নিযুক্তিঃ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

অনলাইন বাৰ্ত্তসেৱা– ৰাজ্য চৰকাৰে প্ৰায় ২৩ হেজাৰ শিক্ষকক নিয়মীয়া পদত নিযুক্তি দিয়া হ’ব। দীৰ্ঘদিনে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পাছতে এই কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এক সংবাদমেলযোগে জানিবলৈ দিয়া মতে কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে। ইয়াৰ পাছতে এই বৃহৎসংখ্যক শিক্ষা বিভাগ। ৰাজ্য চৰকাৰে যি ১লাখ যুৱক-যুৱতীক নিযুক্তি দিব,তাৰে ভিতৰতে প্ৰায় ২৩ হেজাৰ শিক্ষকক প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিয়োগ কৰিব শিক্ষা বিভাগে। শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে এন চি টি ই(নেচনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেচন) গাইডলাইন অনুসৰি টেট উত্তীৰ্ণ প্ৰাৰ্থীকহে শিক্ষকৰূপে নিযুক্তি দিব লাগে। ২০২০ বৰ্ষত কোভিডকেন্দ্ৰিক পৰিৱেশৰ বাবে শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিব নোৱাৰিলে। সেয়ে এইবাৰ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আৰু অক্টোবৰত পৰীক্ষা অনুষ্ঠিত হ’ব। এই সম্পৰ্কীয় বিজ্ঞাপন প্ৰকাশ হ’ব। চি-টেট উত্তীৰ্ণসকলেও এই পৰীক্ষাত বহিব পাৰিব বুলি ড০ শৰ্মাই ঘোষণা কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ বাবে টেটত অৱতীৰ্ণ হ’বলৈ ডি এল ই এড আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে টেটত অৱতীৰ্ণ হ’বলৈ বি এড বাঞ্ছনীয়। চৰকাৰে যিকল প্ৰাৰ্থী ডি এল ই এড বা এডৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছে আৰু যিসকলে চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বহাৰ বাবে এডমিট লাভ কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব। বড়ো, গাৰো আৰু মণিপুৰী মাধ্যমৰ প্ৰাৰ্থীসকলো এই টেটত অৱতীৰ্ণ হ’ব পাৰিব যদিও পাহাৰীয়া এলেকাৰ প্ৰাৰ্থীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰিব। এই বৃহৎসংখ্যক শিক্ষকক নিযুক্তি দিয়াৰ জৰিয়তে বিদ্যালয়ত খালী হোৱা শিক্ষকৰ পদ বহুখিনি পূৰণ হ’ব বুলি ডাঃ পেগুৱে মন্তব্য কৰে।

(RT)