২০ বছৰীয়া ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ অল ইংলেণ্ডত প্ৰথম ফাইনেলত প্ৰৱেশ 

pc Dtnext

২০ বছৰীয়া ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ অল ইংলেণ্ডত প্ৰথম ফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লক্ষ্য সেনে মালয়েছিয়াৰ ডিফেণ্ডিং চেম্পিয়ন লী জি জিয়াক ২১-১৩, ১২-২১, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি বাৰ্মিংহামত অনুষ্ঠিত অল ইংলেণ্ড চেম্পিয়নশ্বিপত প্ৰথমখন ফাইনেলত উপনীত হয়। ২০ বছৰীয়া যুৱকজনে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হোৱা পঞ্চম ভাৰতীয় শ্বাটলাৰ হিচাপে পৰিগণিত হয়। প্ৰকাশ পাডুকন আৰু পুল্লেলা গোপীচান্দ হৈছে প্ৰতিযোগিতাখন জিকা একমাত্ৰ ভাৰতীয়।