২০২২ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা ৰাজ্য চৰকাৰৰ প্ৰকাশ

Pc- northeastNow(assames)

২০২২ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা ৰাজ্য চৰকাৰৰ প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২২ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা ৰাজ্য চৰকাৰে প্ৰকাশ কৰে। বছৰটোত ৩৪টা দিন চৰকাৰী বন্ধ আৰু দুটা দিন অৰ্ধছুটী হিচাপে ধাৰ্য কৰিছে।চৰকাৰী বন্ধৰ দিনকেইটা হৈছে ১৪, ১৫ জানুৱাৰী মাঘ বিহু, ২৩ জানুৱাৰী নেতাজীৰ জন্মদিন, ২৫ জানুৱাৰী গৌথৰ বাথউ চন, ২৬ জানুৱাৰী গণৰাজ্য দিৱস, ৩১ জানুৱাৰী মে ডাম-মে ফী, ১৬ ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস, ১৮ মার্চ দৌল যাত্রা, ১৪, ১৫, ১৬ এপ্রিল ব’হাগ বিহু-গুড ফ্রাইডে, ২১ এপ্রিল সতী সাধিনী দিৱস, ১ মে’ মে’ দিৱস-দামোদৰদেৱৰ তিথি, ৩ মে’ ঈদ উল ফিতৰ, ১৬ মে’ বুদ্ধ পূর্ণিমা, ১৭ মে’ মাধৱদেৱৰ জন্মোৎসৱ, ১০ জুলাই ঈদ-উজ-জোহা, ১৫ আগষ্ট স্বাধীনতা দিৱস, ১৯ আগষ্ট জন্মাষ্টমী, ২৯ আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিথি, ৬ ছেপ্টেম্বৰ কৰম পূজা, ১৪ ছেপ্টেম্বৰ মাধৱদেৱৰ তিথি, ২ অক্টোবৰ গান্ধী জয়ন্তী, ২ অক্টোবৰ-৫ অক্টোবৰ দুৰ্গা পূজা, ৫ অক্টোবৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, ১৮ অক্টোবৰ কাতি বিহু, ২৪ অক্টোবৰ কালীপূজা-দেৱালী, ২৭ অক্টোবৰ ভাতৃ দ্বিতীয়া, ৩০ অক্টোবৰ ষট্ পূজা, ৮ নৱেম্বৰ গুৰু নানকৰ জন্মদিন, ২৪ নৱেম্বৰ লাচিত দিৱস, ২ ডিচেম্বৰ অসম দিৱস আৰু ২৫ ডিচেম্বৰ খ্ৰীষ্টমাছ। সেইদৰে ৯ আগষ্ট মহৰম আৰু ৯ অক্টোবৰ লক্ষ্মী পূজা উপলক্ষে চৰকাৰে অৰ্ধছুটীৰ দিন ঘোষণা কৰিছে। চৰকাৰী বন্ধৰ তালিকাত ৬টা উৎসৱ-পার্বণ-অনুষ্ঠান দেওবাৰে পৰাৰ লগতে মে’ দিৱস আৰু দামোদৰদেৱৰ তিথি একেটা তাৰিখতে আৰু শাৰদীয় দুর্গা পূজাৰ মাজতেই গান্ধী জয়ন্তী আৰু শংকৰদেৱৰ জন্মোৎসৱৰ দিন পৰাত চৰকাৰী কৰ্মচাৰীসকল বছৰটোত ৯টা বন্ধৰ দিনৰ পৰা বঞ্চিত হ’ব। সেইদৰে লক্ষ্মী পূজাৰ দিনটো দেওবাৰ হোৱা হেতু সেইদিনাও চৰকাৰী কৰ্মচাৰীসকল অৰ্ধছুটী উপভোগৰ পৰা বঞ্চিত হ’ব।